বিদেশৰ ক’ভিড ভেকচিন আনিবলৈ কেন্দ্রক আহ্বান কেজৰিৱালৰ
নিয়মীয়া বাৰ্তা ২৫ মেঃ ফাইজাৰ আৰু মডার্না কোম্পানীয়ে প্রত্যক্ষভাৱে দিল্লী চৰকাৰক ক’ভিড–১৯ ভেকচিন বিক্রী কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে কেন্দ্রক এই ভেকচিন আমদানি কৰিবলৈ আবেদন জনাইছে৷ কেজৰিৱালে উল্লেখ কৰা অনুসৰি ফাইজাৰ আৰু মডার্না কোম্পানীয়ে ভেকচিন বিক্রীৰ ক্ষেত্রত অকল ভাৰত চৰকাৰৰ সৈতেহে চুক্তি কৰিব৷ তাৎক্ষণিকভাৱে কেজৰিৱালে দুয়োটা কোম্পানীৰ পৰা স্পষ্ট উত্তৰ লাভ কৰাৰ পিছত কেন্দ্রীয় চৰকাৰক ক’ভিড ভেকচিন আমদানি কৰি শীঘ্রে ৰাজ্যসমূহক বিতৰণ কৰিবলৈ আবেদন জনায়৷ লক্ষণীয়ভাৱে কেজৰিৱালে বিগত কিছুদিন ধৰি অধিকসংখ্যক কোম্পানীক ভাৰতত ক’ভিড ভেকচিন প্রস্তুতৰ বাবে কেন্দ্রীয় চৰকাৰক অনুমতি দিবলৈ আবেদন জনাই আছে৷ কাৰণ দেশৰ বিভিন্ন ৰাজ্যত ভেকচিনৰ তীব্র নাটনি চলি আছে৷