🔹 মুখ্যমন্ত্রী অতিশিৰ বিস্ফোৰণ
নিউজ ডেস্ক, ২৫ জানুৱাৰী : দিল্লীৰ বিধানসভা নির্বাচনৰ পূর্বে আপৰ মুৰব্বী তথা প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক হত্যাৰ বৃহৎ ষড়যন্ত্র চলিছে বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্রী অতিশিয়ে৷ আপৰ মুৰব্বী কেজৰিৱালক হত্যাৰ ষড়যন্ত্র কৰা দুই ফৈদৰ ভিতৰত এটা হৈছে বিজেপি কর্মী আৰু আনটো হৈছে দিল্লী আৰক্ষী৷ ইতিপূর্বে অৰবিন্দ কেজৰিৱালক বিজেপি কর্মীয়ে আক্রমণ কৰা সন্দর্ভত বিতং তথ্যসহ নির্বাচন আয়োগক অভিযোগ দাখিল কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী অতিশিয়ে কয় যে কেজৰিৱালৰ ওপৰত আক্রমণৰ তদন্ত কৰিব লাগে৷ কিয়নো ধাৰাবাহিকভাৱে ইটোৰ পিছত সিটো আক্রমণ কেজৰিৱালৰ ওপৰত চলি আছে৷ হৰিনগৰত অৰবিন্দ কেজৰিৱালৰ বাহনৰ ওপৰত আক্রমণ কৰাৰ পিছতো দিল্লী আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই বুলি অভিযোগ কৰি মুখ্যমন্ত্রী অতিশিয়ে কয় যে যিকোনো উপায়ে বিজেপিৰ লক্ষ্য হৈছে কেজৰিৱালক আঁতৰ কৰা৷