🔹 শান্তিৰ সন্ধানত পঞ্জাবলৈ দিল্লীত পৰাজিত আপৰ মুৰব্বী
নিউজ ডেস্ক, ৬ মার্চ : দিল্লী বিধানসভা নির্বাচনত পৰাজিত আপৰ মুৰব্বী তথা প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰিবলৈ এৰা নাই আপৰে ৰাজ্যসভাৰ সাংসদ স্বাতি মালিৱালে৷ মুখ্যমন্ত্রী হৈ থকা অৱস্থাত কেজৰিৱালৰ বাসভৱনত শাৰীৰিকভাৱে অপদষ্ট হৈ স্বাতি মালিৱালে আপৰ বিৰুদ্ধে অভিযান চলাই আছে৷ দিল্লী বিধানসভা নির্বাচনত আপৰ বিৰুদ্ধে সৰৱ হৈ থকা স্বাতি মালিৱালে এইবাৰ পঞ্জাবত বিপাসনা চেণ্টাৰলৈ যোৱা সপত্নীক কেজৰিৱালক আক্রমণৰ লক্ষ্য কৰি লয়৷ বুধবাৰে পত্নী সুনীতা কেজৰিৱালসহ আপৰ মুৰব্বীজনে হোচিয়াৰপুৰত বিপাসনা চেণ্টাৰত ধ্যান শিবিৰত যোগ দিয়ে৷ তাৰ পৰা শতাধিক আৰক্ষী বেষ্টনীৰ মাজত বুলেটপ্রুফ গাড়ীত ১৪ কিলোমিটাৰ পথ অতিক্রম কৰি অতিথিশালালৈ যোৱা কেজৰিৱালৰ কনভয়ক কটাক্ষ কৰি স্বাতি মালিৱালে কয় – ‘ড’নাল্ড ট্রাম্পতকৈও ডাঙৰ কনভয়৷ পঞ্জাবৰ লোকে যদি ভালেই পায়, তেতিয়াহ’লে ইমান ডাঙৰ কনভয় কিয়?’