বিশেষ বাৰ্তা, ২৫ জুলাই : পুনৰ বৃদ্ধি পালে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ সময়সীমা৷ আজি দিল্লীৰ ৰাউজ এভিনিউ আদালতে আগন্তুক ৮ আগষ্টলৈকে কেজৰিৱালক কাৰাগাৰত ৰখাৰ নির্দেশ দিছে৷ উল্লেখনীয় যে ইডিৰ গোচৰত ইতিমধ্যে জামিন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে৷ কিন্তু চিবিআয়ে গ্রেপ্তাৰ কৰাৰ ফলত এতিয়াও কাৰাবন্দী হৈ আছে কেজৰিৱাল৷ আগন্তুক ৮ আগষ্টলৈকে তিহাৰ কাৰাগাৰতেই থাকিব লাগিব আপৰ মুৰব্বীগৰাকী৷ যোৱা ২১ মার্চত দিল্লীৰ আবকাৰী নীতি কেলেংকাৰিৰ অভিযোগত কেজৰিৱালক নিজৰ জিম্মাত লৈছিল ইডিয়ে৷ দুসপ্তাহ পিছত তিহাৰ কাৰাগাৰলৈ প্রেৰণ কৰা হয় কেজৰিৱালক৷ পৰৱর্তী সময়ত উচ্চতম ন্যায়ালয়ৰ নির্দেশত ২১ দিনৰ বাবে অন্তৰ্ৱর্তীকালীন জামিন মঞ্জুৰ কৰা হৈছিল নেতাগৰাকীৰ৷ লোকসভা নির্বাচন শেষ হোৱাৰ লগে লগে কাৰাগাৰত আত্মসমর্পণ কৰে কেজৰিৱালে৷