নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রৰ সিদ্ধান্তৰ বিৰুদ্ধে সর্বসন্মত প্রস্তাৱ কেৰালা চৰকাৰৰ

ত্রিবান্দ্রম বিমানবন্দৰ ব্যক্তিগত কোম্পানীক লীজত

নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ  প্রধানমন্ত্রী নৰেন্দ্র মোদীক পত্রযোগে ত্রিবান্দ্রম বিমানবন্দৰ ব্যক্তিগত কোম্পানীক লীজত দিয়া সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনোৱাৰ পিছত কেৰালা চৰকাৰে এই সিদ্ধান্তৰ বিৰুদ্ধে আজি বিধানসভাত সর্বসন্মত প্রস্তাৱ গ্রহণ কৰে৷ উল্লেখ্য যে কেৰালাৰ ত্রিবান্দ্রমকে ধৰি দেশৰ তিনিটা আন্তর্জাতিক বিমানবন্দৰ আদানি এণ্টাৰপ্রাইজেছ লিমিটেডক লীজত দিয়ে কেন্দ্রীয় চৰকাৰে৷ কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মুখ্যমন্ত্রী পি বিজয়নে মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰি প্রধানমন্ত্রীলৈ পত্র প্রেৰণ কৰে৷ কেন্দ্রীয় চৰকাৰে একপক্ষীয়ভাৱে লোৱা সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ দাবী জনোৱাৰ অন্তত আজি কেৰালা চৰকাৰে এই সিদ্ধান্তৰ বিৰুদ্ধে বিধানসভাত প্রস্তাৱ গ্রহণ কৰে৷ উল্লেখ্য যে বিধানসভাত বিৰোধী দলপতি কংগ্রেছৰ ৰমেশ ছেনিথালাই চৰকাৰৰ সিদ্ধান্তৰ প্রস্তাৱক সমর্থন জনালেও চৰকাৰক এই সন্দর্ভত দুমুখীয়া নীতি গ্রহণ কৰা বুলি সমালোচনা কৰে৷ এই প্রস্তাৱ গ্রহণৰ সময়ত শাসক আৰু বিৰোধীৰ মাজত বাদানুবাদ চলে যদিও অৱশেষত সর্বসন্মত প্রস্তাৱ গৃহীত হয়৷

You might also like