🔹 জে’লৰ পৰা ওলোৱা হত্যাকাৰীক লাগে ন্যায়
নিউজ ডেস্ক, ৯ নৱেম্বৰ : হত্যা কৰাৰ বাবে ২০ লাখ টকা বিচাৰিছিল দুজন ভাৰাতীয়া হত্যাকাৰীয়ে৷ সেই অনুসৰি চুক্তিও হৈছিল৷ হত্যাকাণ্ডৰ অভিযোগত দুয়োৰে কাৰাদণ্ড হয়৷ প্রায় এবছৰ পিছত জামিনত মুক্তি লাভ কৰি কাৰাগাৰৰ পৰা ওলাই পাবলগীয়া ধন আদায় কৰিবলৈ গৈছিল এজনে৷ কিন্তু হতাশ হৈ উভতিবলগীয়া হয়৷ টকা দিবলৈ অস্বীকাৰ কৰে হত্যাৰ বাবে চুক্তি কৰা ব্যক্তিয়ে৷ গতিকে থানাত অভিযোগ দিবলৈ যায় এই ভাৰাতীয়া হত্যাকাৰীয়ে৷ এবছৰ পূর্বে উত্তৰ প্রদেশৰ মীৰাটত এগৰাকী মহিলা অধিবক্তাক হত্যাৰ ঘটনা সংঘটিত হয়৷ অঞ্জলি নামৰ এই অধিবক্তাগৰাকীয়ে বজাৰ কৰি ঘৰলৈ ওভতাৰ সময়ত পথত দুই আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল৷ ঘটনাৰ তদন্তত নামি অঞ্জলিৰ স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ লোকসকলৰ ওপৰত সন্দেহ হয় আৰক্ষীৰ৷ আটক কৰা হয় তেওঁলোকক৷ অঞ্জলিৰ হত্যাৰ বাবে দুজনক ভাৰা কৰা হৈছিল বুলি অনুমান কৰে আৰক্ষীয়ে৷ কিছুদিন পিছত নীৰাজ শর্মা আৰু যোশপাল নামৰ দুই ভাৰাতীয়া হত্যাকাৰীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে জানিব পাৰে যে সুৰেশ ভাটি নামৰ এজন ব্যক্তিয়ে অঞ্জলিক হত্যাৰ বাবে দুয়োজনকে দায়িত্ব দিছিল৷ শেহতীয়াকৈ নীৰাজে জামিনত মুক্তি লাভ কৰি অঞ্জলিৰ স্বামীৰ ওচৰত চুক্তি অনুসৰি পাবলগীয়া ধন বিচাৰি গৈ উভতি আহে৷ আহিয়েই আৰক্ষীক অভিযোগ দিবলৈ থানাত উপস্থিত হয়৷