আমেৰিকাৰ টোপনি ভাঙি দিয়াৰ ধমকি উত্তৰ কোৰিয়াৰ কিম জং উনৰ ভগ্নীৰ
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ আমেৰিকা যুক্তৰাষ্ট্ৰই দক্ষিণ কোৰিয়া আৰু জাপানৰ টকিও ভ্ৰমণৰ সময়তে আমেৰিকাক সতৰ্কবাণী শুনাইছে উত্তৰ কোৰিয়াই। উত্তৰ কোৰিয়াৰ শীৰ্ষ নেতা কিম জং উনৰ ভগ্নী ইয়ো জঙে বাইডেন প্ৰশাসনক এই বিষয়ে সতৰ্ক কৰিছে।
উল্লেখ্য, আমেৰিকাৰ শীৰ্ষ বিষয়াসকলে কাইলৈ বুধবাৰে দক্ষিণ কোৰিয়াৰ ৰাজধানী চিউলত উপস্থিত হ’ব। ইয়াৰ আগেয়ে সোমবাৰে যুক্তৰাষ্ট্ৰৰ আন এটা প্ৰশাসনিক গোট জাপানৰ টকিঅ’ত উপস্থিত হয়। ইয়ো জঙে দক্ষিণ কোৰিয়া ভ্ৰমণৰ এটা দিনৰ আগেয়ে বাইডেন প্ৰশাসনক সতৰ্ক কৰে।
ইয়ো জঙে আমেৰিকাৰ দক্ষিণ কোৰিয়া ভ্ৰমণক সমালোচনা কৰি কয়, ‘যদি আপুনি (বাইডেন প্ৰশাসন) পৰৱৰ্তী চাৰি বছৰ শান্তিত শুব বিচাৰে, প্ৰথম পদক্ষেপতে বাৰুদৰ দুৰ্গন্ধ সৃষ্টি কৰাৰ পৰা বিৰত থাকক।’
বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, উত্তৰ কোৰিয়াৰ ৰাজ্যিক সংবাদ মাধ্যমৰ মতে ৰাষ্ট্ৰপতি জো বাইডেনে কোৰিয়ো নীতি নিৰ্ধাৰণ কৰিবলৈ সাজু হোৱাৰ সময়তে সতৰ্কবাণী শুনাই উত্তৰ কোৰিয়াই। কিম জং উনে আমেৰিকা যুক্তৰাষ্ট্ৰই দক্ষিণ কোৰিয়াৰ সৈতে মিলি সাগৰৰ ওপৰেৰে উত্তৰ কোৰিয়ালৈ বাৰুডৰ গোন্ধ বিয়পাবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰিছিল।
ইফালে, আমেৰিকা চৰকাৰৰ মতে,তেওঁলোকে উত্তৰ কোৰিয়াৰ সৈতে কূটনৈতিক সম্পৰ্কৰ বাবে চেষ্টা কৰি আছে।