নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানুহৰ শুক্ৰাণু-ডিম্বাণুৰ লগতে ৬৭ লাখ প্ৰজাতিৰ ডি এন এ পঠোৱা হ’ব চন্দ্ৰলৈ

নিযমীয়া বাৰ্তা, ১৬ মাৰ্চঃ ক্ৰমশঃ বিপজ্জনক হৈ আহিছে পৃথিৱী। জলবায়ুগত পৰিৱৰ্তন, কাৰ্বন-ডাই অক্সাইডৰ বৰ্ধিত পৰিমাণ আদি বিভিন্ন কাৰকে মানৱ প্ৰজাতিৰ লগতে আন প্ৰজাতিলৈ আনিছে বিপদ।

এনে এক আশংকাৰ পৰিপ্ৰেক্ষিতত ভিন্ন প্ৰজাতিৰ ভৱিষ্যতৰ বাবে কৰা হৈছে এক বিশেষ পৰিকল্পনা। এই পৰিকল্পনা অনুসৰি চন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব মুঠ ৬৭ লাখ প্ৰজাতিৰ ডিএনএ।

চন্দ্ৰ পৃষ্ঠত ইয়াৰে এটা সম্পূৰ্ণ স্পাৰ্ম বেংক স্থাপন কৰা হ’ব। এই পৰিকল্পনা এৰিজনা বিশ্ববিদ্যালয়ৰ দ্বাৰা কৰা হৈছে। ইয়াক মডাৰ্ন গ্লোবেল ইন্সুৰেঞ্চ পলিচী নামেৰে অভিহিত কৰা হৈছে। বিশ্ববিদ্যালয়খনৰ এই আঁচনিয়ে ইতিমধ্যে আইইইই এৰোস্পেচ কনফাৰেন্সৰ পৰা সন্মতিও পাইছে।

এই পৰিকল্পনা মতে, বিজ্ঞানীসকলে চন্দ্ৰপৃষ্ঠৰ তলত বেংক নিৰ্মাণ কৰিব। অতি কম উষ্ণতাত ৰখা হ’ব এনে স্পাৰ্ম। ইয়াত শুক্ৰাণু, ডিম্বাণু, গছ-বিৰিখৰ বীজ, ভেকুৰ আদি মুঠ ৬৭লাখ প্ৰজাতিৰ ডিএনএ ক্ৰায়োজেনিকেলী ফ্ৰোজেন পদ্ধতিৰে সংৰক্ষণ কৰা হ’ব।

চন্দ্ৰ পৃথিৱীৰ পৰা ২,৩৮,৮৫৫ মাইল দূৰত থকা বাবে পৃথিৱী ধ্বংস হ’লেও সংৰক্ষিত হৈ ৰ’ব এনে প্ৰজাতিসমূহ। উল্লেখ্য, এই পৰিকল্পনা সম্প্ৰতি বিচাৰ-বিবেচনাৰ মাজত আছে যদিও কম দিনৰ ভিতৰতে ইয়াক কাৰ্যকৰী কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয়খনে।

You might also like