নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগীতেই আছিল কে কেৰ প্ৰথম আৰু শেষ প্ৰেম

নিয়মীয়া বাৰ্তা, ১জুন: ভাৰতীয় সংগীত জগতে হেৰুৱালে আন এজন বিশিষ্ট কণ্ঠশিল্পীক৷ এটাৰ পাছত আন এটা গীতেৰে ৯০ৰ দশকৰ পৰা বর্তমানলৈকে লাখ লাখ শ্রোতাক মুগ্ধ কৰা কে কে আৰু নাই৷ মঙলবাৰে নিশা কলকাতাত সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে আকস্মিকভাৱে অসুস্থ হৈ শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ৷

প্রাপ্ত তথ্য অনুসৰি কলকাতাৰ উল্টাডঙাৰ নজৰুল মঞ্চত গুৰুদাস মহাবিদ্যালয়ৰ সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ সময়তে হূদৰোগত আক্রান্ত হৈ হঠাৎ অসুস্থ হৈ পৰে শিল্পীগৰাকী৷ লগে লগে তেওঁৰ সমীপতে থকা এখন বেচৰকাৰী হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷ বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকত ভাগি পৰে গুণমুগ্ধ৷

উল্লেখ্য যে কে কে হিচাপে জনপ্রিয় গায়কগৰাকীৰ প্রকৃত নাম হৈছে কৃষ্ণ কুমাৰ কুন্নাথ৷ ১৯৬৮চনৰ ২৩ আগষ্টত কে কেই দিল্লীত জন্মগ্রহণ কৰিছিল৷ হিন্দীৰ উপৰি বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে তামিল, তেলেগু, কানাড়া, মালায়ালম, বঙালী, অসমীয়া আৰু গুজৰাটী ভাষাতো তেওঁ গীত পৰিৱেশন কৰিছিল৷ দিল্লীৰ মাউণ্ট ছেইণ্টমেৰিজ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্রহণ কৰা কে কেই কিৰ’ৰিমল কলেজৰ পৰা স্নাতক ডিগ্রী গ্রহণ কৰিছিল৷ ১৯৯৪ চনত সংগীত ক্ষেত্রত কেৰিয়াৰ গঢ়াৰ লক্ষ্যৰে মুম্বাইলৈ অহা কে কেই ৩৫০০তকৈ অধিক জিংগল গাইছিল৷

ইয়াৰ পাছতে তেওঁৰ আৰম্ভ হৈছিল বলীউডৰ সোণসেৰীয়া যাত্রা৷ ১৯৯৯ চনত মুক্তি লাভ কৰা ‘হাম দিল দে চুকে চনম’ নামৰ ছবিখনৰ ‘তড়প তড়প’ শীর্ষক গীতটিৰে সমগ্র দেশতে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী বিশিষ্ট সংগীত শিল্পীয়ে৷ ইয়াৰ পাছত আৰু তেওঁ উভতি চাবলগীয়া হোৱা নাছিল৷ ৯০ৰ দশকৰ পৰাই এখনৰ পাছত আন এখন ছবিত গীত গাই শ্রোতাৰ মাজত জনপ্রিয়তা লাভ কৰিছিল তেওঁ৷ তেওঁ গোৱা অধিকসংখ্যক গানেই হৈছিল ছুপাৰ হিট৷ সংগীত ক্ষেত্রখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক কেইবাটাও সন্মানেৰে সন্মানিত কৰা হৈছে৷ ২০০৫ চনত শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ হাব সন্মান, ২০০৯ বর্ষত শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পী হিচাপে স্ক্রীন এৱার্ড লাভ কৰিবলৈ সক্ষম হৈছিল বিশিষ্ট সংগীত শিল্পীগৰাকীয়ে৷

উল্লেখ্য যে আন বিভিন্ন ভাষাৰ লগতে কেইবাটাও অসমীয়া গীত পৰিৱেশন কৰিছিল কে কেই৷ তেওঁৰ অন্যতম অসমীয়া জনপ্রিয় গীত হৈছে– ‘মন’ এলবামৰ ‘কাজল তুমি’৷

You might also like