জমাট’ৰ কর্মীয়ে জ্বলালে কোম্পানীৰ টি ছার্ট, চীনৰ বিৰুদ্ধে প্রতিবাদ
নিয়মীয়া বার্তা, ২৯ জুনঃ লাডাখত চীনা সৈন্যৰ আক্রমণত ২০ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ ঘটনাৰ প্রতিবাদকল্পে কলকাতাত খাদ্য যোগানকাৰী কোম্পানী জমাট’ৰ একাংশ কর্মচাৰীয়ে কোম্পানীৰ টি ছার্ট জ্বলালে৷ চীনৰ বিনিয়োগ থকা জমাট’ কোম্পানীটোৰ কেইবাগৰাকী কর্মচাৰীয়ে চাকৰি ত্যাগ কৰাৰ লগতে কোম্পানীটোৰ টি ছার্ট জ্বলাই দিয়ে৷
চীনা সামগ্রী বর্জনৰ আন্দোলনত অংশ লৈ কর্মচাৰীকেইজনে দেশৰ নাগৰিকক কোম্পানীটোত খাদ্যৰ অর্ডাৰ নিদিবলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে চীনৰ আলিবাবাই জমাট’ত ২১০ নিযুত মার্কিন ডলাৰ বিনিয়োগ কৰি কোম্পানীটোৰ ১৪.৭ শতাংশ শ্বেয়াৰ ক্রয় কৰিছিল৷ তাৎপর্যপূর্ণ যে যোৱা মে’ মাহত জমাট’ৱে ক’ভিড–১৯ৰ সংকটৰ বাবে ১৩ শতাংশ কর্মচাৰীক চাটাই কৰিছিল৷ ইয়াৰ বিপৰীতে প্রতিবাদী সত্তাৰে একাংশ কর্মচাৰীয়ে চাকৰি ত্যাগ কৰাটো তাৎপর্যপূর্ণ৷