নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড-১৯ আতংকঃ মহাৰাষ্ট্রত পলাতক ৬০০ চিকিৎসক

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ মহাৰাষ্ট্রত পলাতক অৱস্থাত থকা ৬০০ চিকিৎসকক ১৫ দিনৰ ভিতৰত স্বাস্থ্য বিভাগত ৰিপ’ৰ্ট দাখিল কৰিবলৈ চৰকাৰৰ স্বাস্থ্যমন্ত্রী ৰাজেশ টোপে জাননী জাৰি কৰিছে৷ দেশৰ ভিতৰতে ক’ভিড–১৯ত সর্বাধিক আক্রান্ত আৰু প্রাণহানি ঘটা মহাৰাষ্ট্রত কর্তব্য আৰু দায়িত্বক আওকাণ কৰি ৬০০ চিকিৎসক পলাতক হৈ আছে৷

এনে দুর্যোগৰ সময়ত পলাতক অৱস্থাত থকা ৬০০ চিকিৎসকৰ বিৰুদ্ধে মহাৰাষ্ট্র চিকিৎসক পৰিষদক পদক্ষেপ গ্রহণ কৰিবলৈ স্বাস্থ্যমন্ত্রীগৰাকীয়ে লিখিতভাৱে অনুমোদন জনাইছে৷ ৬০০ চিকিৎসকে যদি ১৫ দিনৰ ভিতৰত স্বাস্থ্য বিভাগত তেওঁলোকৰ ৰিপ’ৰ্ট দাখিল নকৰে, তেতিয়াহ’লে দুর্যোগ ব্যৱস্থাপনা আইন, মহামাৰী ৰোগ আইন আৰু মহাৰাষ্ট্র অসামৰিক সেৱা নীতিৰ ব্যৱস্থা অনুযায়ী চিকিৎসকসকলৰ অনুজ্ঞাপত্র বাতিল কৰা হ’ব বুলিও জাননীত স্পষ্টকৈ উল্লেখ কৰা হৈছে।

স্বাস্থ্য বিভাগৰ যুটীয়া সচিব এম এছ থম্বাৰে জাৰি কৰা জাননী অনুসৰি দুর্যোগ ব্যৱস্থাপনা আইন, মহামাৰী ৰোগ আইন আৰু মহাৰাষ্ট্র অসামৰিক সেৱা নীতিৰ অধীনত উল্লেখিত পলাতক চিকিৎসকসকলক ১৫ দিনৰ ভিতৰত ৰিপ’ট দাখিল কৰিবলৈ সকীয়নি প্রদান কৰিছে৷

জটিল সন্ধিক্ষণত থকা ৰাজ্যখনত কর্তব্য আৰু দায়িত্ব পালন কৰাৰ বিপৰীতে চিকিৎসককেইগৰাকী পলাতক হৈ থকাটো আইনসংগত নহয় বুলিও জাননীত উল্লেখ কৰা হৈছে৷ উল্লেখ্য যে মহাৰাষ্ট্রত সম্প্রতি ৯,৫০০ চিকিৎসা বিষয়া আছে, ১,৪০০ পদ খালী হৈ আছে আৰু ৬০০ চিকিৎসা বিষয়া পলাতক হৈ আছে৷

You might also like