নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ অৱশেষত কাৰাবন্দী ৰাজনীতিক লালুপ্রসাদ যাদৱৰ মুকলি আকাশ তললৈ অহাৰ পথ মুকলি হ’ল৷ পশু খাদ্য কেলেংকাৰিত কাৰাবন্দী হৈ থকা বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী তথা আৰজেডিৰ মুৰব্বী লালুপ্রসাদ যাদৱক শনিবাৰে ঝাৰখণ্ডৰ উচ্চ ন্যায়ালয়ে জামিন প্রদান কৰাৰ লগে লগে লালুপ্রসাদ মুক্ত হোৱাৰ পথ প্রশস্ত হ’ল৷
ডুমকা কোষাগাৰৰ পৰা ৩.৫ কোটি টকা অনিয়মেৰে মুকলি কৰি পশু খাদ্য কেলেংকাৰিত অভিযুক্ত হোৱা লালুপ্রসাদ যাদৱক ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অপৰেশ কুমাৰ সিঙে জামিন প্রদান কৰে৷ আৰজেডিৰ মুৰব্বীগৰাকীক দেশ এৰি যোৱাত নিষেধাজ্ঞা চর্তৰ লগতে ঠিকনা সলনি নকৰা আৰু ম’বাইল নম্বৰ সলনি নকৰাৰ চর্তৰে কালি ন্যায়াধীশগৰাকীয়ে জামিন প্রদান কৰে৷
উল্লেখ্য যে ২০১৭ চনৰ ডিচেম্বৰত আৰজেডিৰ মুৰব্বীগৰাকীক দোষী সাব্যস্ত কৰি ৭ বছৰৰ কাৰাদণ্ড বিহিছিল আৰু ২০১৮ চনৰ পৰা কাৰাগাৰত বন্দী হৈ আছিল৷ কাৰাগাৰত থকা অৱস্থাত অসুস্থ হোৱাত প্রথমে লালুপ্রসাদক ৰাজেন্দ্র ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চ হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ ঝাৰখণ্ডৰ হাস্পতালত ভর্তি হৈ থকাৰ সময়তে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বিমান এম্বুলেঞ্চযোগে নতুন দিল্লীৰ এইমছলৈ স্থানান্তৰ কৰা হয়৷ এইমছত থকাৰ সময়তে শনিবাৰে লালুপ্রসাদে জামিন লাভ কৰে৷
তাৎপর্যপূর্ণ যে কাৰাবন্দী লালুপ্রসাদে তেওঁৰ কাৰাবাসৰ অধিক সময় কাৰাগাৰত থকাৰ বিপৰীতে হাস্পতালতে কটাই আছে৷ কাৰাগাৰৰ আইজি বীৰেন্দ্র ভূষণে প্রকাশ কৰা মতে উচ্চ ন্যায়ালয়ৰ নির্দেশ অহাৰ পাছতহে লালুপ্রসাদক কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়াৰ প্রক্রিয়া আৰম্ভ হ’ব৷