নিয়মীয়া বাৰ্তা, ১৮এপ্ৰিলঃ চলিত নির্বাচনৰ ক্ষেত্রত কৰা এগ্জিট প’ল সম্পর্কত ভাৰতৰ নির্বাচন আয়োগে জাৰি কৰা নির্দেশনাৱলী সম্পূর্ণৰূপে মানি চলিবলৈ অসমৰ মুখ্য নির্বাচনী বিষয়া (চিই’) নীতিন খাডেয়ে সংশ্লিষ্ট সকলোলৈ আহ্বান জনাইছে৷ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ পৰা প্রেৰণ কৰা এক প্রেছ বার্তাত কোৱা হৈছে যে নির্বাচন আয়োগে জনপ্রতিনিধিত্ব আইন–১৯৫১ৰ ধাৰা ১২৬–(ক)ৰ উপ–ধাৰাৰ অধীনত আৰু সেই একে ধাৰাৰে উপ–ধাৰা ২১ৰ লগত সংগতি ৰাখি ২৭ মার্চৰ পুৱা ৭ বজাৰ পৰা ২৯ এপ্রিলৰ সন্ধিয়া ৭.৩০ বজাৰ ভিতৰত কোনো এগ্জিট প’ল কৰিব নোৱাৰিব আৰু ছপা বা বৈদ্যুতিন মাধ্যম বা অন্যান্য কোনো মাধ্যমত এগ্জিট প’লৰ ফলাফল প্রকাশ বা প্রচাৰ কৰিব নোৱাৰিব বুলি অধিসূচনা জাৰি কৰিছিল৷ এই অধিসূচনা মানি চলিবলৈ সংশ্লিষ্টসকলক আহ্বান জনোৱা হৈছে৷
Prev Post
You might also like