ভিয়েটনামত বান–ভূমিস্খলনত ৭০জনৰ প্রাণহানি
নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ মুষলধাৰ বৃষ্টিপাতৰ বাবে সংঘটিত ভূমিস্খলনত ভিয়েটনামত ১১জন সৈনিকৰ মৃত্যু হোৱাৰ উপৰি অন্য কেইবাজনো সন্ধানহীন হৈ আছে৷ মধ্য ভিয়েটনামৰ প্রদেশ কুৱাঙত সংঘটিত হৈছে এই শোকাৱহ দুর্ঘটনা৷ লক্ষণীয়ভাৱে বিগত এটা সপ্তাহত বান আৰু ভূমিস্খলনত ভিয়েটনামত প্রাণ হেৰুৱাইছে কমপক্ষেও ৭০গৰাকী লোকে৷
আগন্তুক দিনবোৰত ভিয়েটনামত মুষলধাৰ বৃষ্টিপাতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা আছে বুলি বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ কালি চৰকাৰী সূত্রই সদৰী কৰা অনুসৰি, দেশখনৰ চতুর্থ মিলিটাৰী ৰিজন ভূমিস্খলনত বিধ্বস্ত হৈছে৷
পুৱতি নিশা ২ বজাৰ পৰা ৫টা স্থানত সংঘটিত হৈছে ভূমিস্খলন৷ ইফালে, সেনা ছাউনীৰ এটা অংশ মাটিয়ে পুতি পেলোৱাৰ পিছত অন্য কেইবাজনো সৈনিকৰ মৃত্যু হোৱা বুলি আশংকা কৰিছে প্রশাসনে৷ অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত আছে৷ স্মর্তব্য যে বিগত বছৰটোতো ভূমিস্খলনত ভিয়েটনামত কেইবাশও লোকৰ মৃত্যু হৈছিল৷