নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টাত চাৰি লক্ষাধিক আক্রান্তৰে ভাৰতত ক’ভিড সংহাৰৰ নতুন বিশ্ব অভিলেখ

নিয়মীয়া বাৰ্তা ২ মেঃ প্রাণঘাতী ক’ৰোনা মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰে দেশত বিশ্ব অভিলেখ গঢ়িছে৷ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ক’ভিড মহামাৰীত আক্রান্ত হৈছে ৪,০১,৯৯৩গৰাকী লাক৷ উল্লেখনীয় যে দেশত এতিয়ালৈকে ক’ভিডত মুঠ আক্রান্ত হৈছে ১,৯১,৬৪,৯৬৯গৰাকী লোক৷ ইয়াৰে ৩২.৬৮ লাখ আক্রান্ত সক্রিয় ৰোগী হিচাপে চিহ্ণিত কৰা হৈছে৷ ইফালে এতিয়ালৈকে এই ভয়াৱহ মহামাৰীত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ২,১১,৮৫৩গৰাকীলৈ বৃদ্ধি পাইছে৷ স্মর্তব্য যে ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ এই দ্বিতীয় জোৱাৰত হটস্পট হিচাপে দেশৰ ১০খন ৰাজ্যক চিহ্ণিত কৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ এই ৰাজ্যকেইখন হৈছে মহাৰাষ্ট্র, কর্ণাটক, উত্তৰ প্রদেশ, কেৰালা, ৰাজস্থান, গুজৰাট, ছত্তিশগড়, অন্ধ্রপ্রদেশ, তামিলনাডু আৰু পশ্চিমবংগ৷ ইফালে দেশৰ ৰাজধানী মহানগৰ তথা কেন্দ্রীয়শাসিত ৰাজ্য দিল্লীৰ পৰিস্থিতিও অতি জটিল বুলি চিহ্ণিত কৰিছে কেন্দ্রীয় চৰকাৰে৷ মহাৰাষ্ট্রত বিগত ২৪ ঘণ্টাত নতুনকৈ ৬২,৯১৯গৰাকী লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ৮২৮গৰাকীয়ে৷ দেশৰ এই ক’ভিড সংকটত বিশ্বৰ বিভিন্ন ৰাষ্ট্রই সহায়ৰ হাত আগবঢ়াইছে৷ শেহতীয়াকৈ আমেৰিকা, ব্রিটেইন, জার্মানী, নেদাৰলেণ্ড, স্পেইন আদি দেশৰ পাছত ডেনমার্কেও ভাৰতলৈ আগবঢ়াইছে চিকিৎসা সাহায্য৷
দিল্লীৰ বাট্রা হাস্পতালত অক্সিজেনৰ অভাৱত চিকিৎসকসহ ১২জনৰ প্রাণহানি, এসপ্তাহলৈ লকডাউন বৃদ্ধি
দেশৰ ৰাজধানী মহানগৰ দিল্লীত ক’ভিড–১৯ মহামাৰীৰ মোকাবিলা কৰিবলৈ হাস্পতালসমূহত অক্সিজেনৰ নাটনি চলি আছে৷ শেহতীয়াকৈ ৰাষ্ট্রীয় ৰাজধানী মহানগৰখনৰ বাট্রা হাস্পতালত অক্সিজেনৰ নাটনিৰ বাবে এগৰাকী চিকিৎসকসহ ১২গৰাকী ক’ভিড ৰোগীয়ে প্রাণ হেৰুৱাইছে৷ লক্ষণীয়ভাৱে হাস্পতালখনৰ চিকিৎসক এছ চি এল গুপ্তাৰ বক্তব্যৰ উদ্ধৃতি দি সংবাদ সংস্থা পি টি আয়ে সদৰী কৰা অনুসৰি আন ৫গৰাকী ক’ভিড ৰোগীৰ অবস্থা হাস্পতালখনত অতি সংকটজনক৷ এই ৰোগীকেইজনক পর্যাপ্ত অক্সিজেন প্রদান কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি চিকিৎসকগৰাকীয়ে পি টি আইক জনাইছে৷ ক’ভিডত অক্সিজেনৰ অভাৱত প্রাণ হেৰুওৱা চিকিৎসকগৰাকী ডাঃ আৰ কে হিমথানি বুলি উল্লেখ কৰিছে গুপ্তাই৷ স্মর্তব্য যে মাত্র এদিন পূর্বে দিল্লী উচ্চ ন্যায়ালয়ে চৰকাৰক হাস্পতালসমূহক অক্সিজেনৰ নাটনিৰ বিষয়টোৰ পৰা শিক্ষা গ্রহণ কৰিবলৈ আহ্বান জনাইছিল৷ ইফালে দিল্লীত ক’ভিডৰ দ্বিতীয় জোৱাৰে সংহাৰ অব্যাহত ৰখাৰ সময়তে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে আগন্তুক এটা সপ্তাহৰ বাবে কেন্দ্রীয়শাসিত ৰাজ্যখনত পুনৰ লকডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ দিল্লীত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিড মহামাৰীত ২৭ সহস্রাধিক লোক আক্রান্ত হোৱাৰ উপৰি ৩৭৫জনে প্রাণ হেৰুৱাইছে৷ অর্থাৎ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে ৰাষ্ট্রীয় ৰাজধানী মহানগৰখনত৷
তৃতীয় পর্যায়ৰ টিকাকৰণ আৰম্ভ কেইবাখনো ৰাজ্যত
দেশক ক’ভিড মহামাৰীত ২৪ ঘণ্টাৰ ভিতৰতে অভিলেখসংখ্যক চাৰি লক্ষাধিক লোক আক্রান্ত হোৱাৰ সময়তে আজি তৃতীয় পর্যায়ৰ টিকাকৰণ প্রক্রিয়া আৰম্ভ কৰা হৈছে কেইবাখনো ৰাজ্যত৷ ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ ভিতৰৰ লোকসকলক এই তৃতীয় পর্যায়ত ক’ভিড ভেকচিন প্রদান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ লক্ষণীয়ভাৱে বিভিন্ন ৰাজ্যৰ চৰকাৰী তথা ব্যক্তিগত হাস্পতালসমূহত ১৮ বছৰ বয়সৰ ঊর্ধ্বৰ লোকক ক’ভিড ভেকচিন প্রদান কৰাৰ সিদ্ধান্ত লৈছে যদিও কেইবাখনো ৰাজ্যই ভেকচিনৰ নাটনিৰ বাবে এই প্রক্রিয়া পিছুৱাই দিব বুলি ঘোষণা কৰিছে৷ এতিয়ালৈকে দেশত প্রায় ১৫০ নিযুত ড’জ ক’ভিড ভেকচিন প্রদান কৰা হৈছে যদিও গৰিষ্ঠসংখ্যক লোক এই ভেকচিন প্রদানৰ পৰা বঞ্চিত হৈ আছে৷ তৃতীয় পর্যায়ৰ ভেকচিন গ্রহণৰ বাবে ১ কোটি ৩০ লাখতকৈ অধিক লোকে নাম পঞ্জীয়ন কৰিছে৷ কিন্তু মধ্য প্রদেশ, দিল্লী, ওড়িশা আদি ৰাজ্যই আজি ভেকচিনৰ নাটনিৰ বাবে এই টিকাকৰণ প্রক্রিয়া আৰম্ভ কৰিব পৰা নাই৷ দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালে দিনটোৰ শেহলৈ চৰকাৰে ভেকচিন লাভ কৰিব বুলি উল্লেখ কৰি কাইলৈ বা পৰহিৰ পৰা ১৮ বছৰ বয়সৰ ঊর্ধ্বৰ লোকসকলক ভেকচিন প্রদান কৰা হ’ব বুলি ঘোষণা কৰিছে৷
পশ্চিমবংগত আংশিক–কেৰালাত সম্পূর্ণ লকডাউনৰ পোষকতা
দেশৰ অন্যান্য ৰাজ্যৰ লগতে পশ্চিমবংগতো ক’ভিড মহামাৰীয়ে শেহতীয়াকৈ সংহাৰী ৰূপ ধাৰণ কৰিছে৷ মহামাৰীৰ সংক্রমণৰ এই দ্বিতীয় জোৱাৰত পশ্চিমবংগ চৰকাৰে বিভিন্ন স্থানত আংশিক লকডাউন ঘোষণা কৰিছে৷ মমতা বেনার্জী নেতৃত্বাধীন ৰাজ্য চৰকাৰে এই লকডাউনৰ সময়ত বজাৰসমূহ খোলা ৰাখিব যদিও পুৱা ৭ৰ পৰা ১০ বজালৈ আৰু বিয়লি ৩ৰ পৰা ৫ বজালৈহে সামগ্রী বিক্রীৰ বাবে মুকলি থাকিব বুলি ঘোষণা কৰিছে৷ সকলো দৰবজাত সামগ্রীৰ দোকান, চিকিৎসা সঁজুলিৰ প্রতিষ্ঠান, গেলামাল দোকান, অনলাইন সেৱা আৰু হোম ডেলিভাৰী আদি মুকলি ৰাখিব বুলি ঘোষণা কৰিছে চৰকাৰে৷ লক্ষণীয়ভাৱে শ্ব’পিং মল, চেলুন, ৰেষ্টুৰেণ্ট, বাৰ আদি সম্পূর্ণৰূপে বন্ধ থাকিব এই সময়ছোৱাত৷ সেইদৰে ক্রীড়া প্রকল্প, জিম, স্পা, ছুইমিং পুল আদিও বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে৷ লক্ষণীয়ভাৱে কেৰালাতো শেহতীয়াকৈ পুনৰ সংহাৰ আৰম্ভ কৰিছে ক’ভিড–১৯ মহামাৰীয়ে৷ কাইলৈ ৰাজ্যখনত বিধানসভা নির্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূর্বে মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে অতি বেছি সংক্রমণ হোৱা জিলাসমূহত ৪ মে’ৰ পৰা সম্পূর্ণ লকডাউন জাৰি হ’ব পাৰে বুলি ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে যিবোৰ জিলাত ৫০ শতাংশতকৈ বেছি ক’ভিড পজিটিভ ওলায়, সেইবোৰ জিলাত সম্পূর্ণ লকডাউন ঘোষণা কৰিব চৰকাৰে৷
অভিনেতা বিক্রমজিতৰ ক’ভিডত মৃত্যু
ক’ভিড মহামাৰীত প্রাণ হেৰুৱাইছে অভিনেতা বিক্রমজিৎ কানৱাৰপালে৷ বহু জনপ্রিয় ছবি, টেলিভিছন ধাৰাবাহিক আৰু ৱেব ছিৰিজত অভিনয় কৰিছিল ৫২ বছৰীয়া বিক্রমজিতে৷ অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে ছবি নির্মাতা অশোক পণ্ডিতে৷ উল্লেখনীয় যে সেনাৰ মেজৰ হিচাপে অৱসৰ গ্রহণ কৰি অভিনয়ৰ ক্ষেত্রত মনোনিৱেশ কৰিছিল বিক্রমজিতে৷ ২০০৩ চনত প্রথম অভিনয়ৰ ক্ষেত্রখনত ভুমুকি মাৰে বিক্রমজিতে৷ পেজ–৩, ৰকেট সিং, ছেলছমেন অৱ দ্য ইয়েৰ, আৰক্ষণ, মার্ডাৰ–২, টু ষ্টেট, গাজি এটেক আদি ছবিত অভিনয়েৰে দর্শকৰ ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকীয়ে৷

You might also like