দহ দিন হৈ গ’ল। ক’ভিড আক্রান্ত হৈ মুম্বাইৰ ব্রীচ কেণ্ডি হাস্পাতালত ভর্তি হৈ আছে লতা মংগেশকাৰ। বর্ষীয়ান শিল্পীগৰাকীৰ মুখপাত্রই জনাইছে যে, বৰ্তমানে স্বাস্থ্য সুস্থিৰ তেওঁৰ। চিকিৎসকে সম্মতি দিলেই ঘৰলৈ নিয়া হ’ব। কৰোনাৰ কিছু মৃদু উপসর্গহে দেখা গৈছিল লতাৰ শৰীৰত। লগতে নিমোনিয়াতো আক্রান্ত হৈছিল। কিন্তু এতিয়া তেওঁ সুস্থ। আগৰ তুলনাত শৰীৰৰ অৱস্থাৰ উন্নতি হৈছে। মঙলবাৰৰ পৰা তেওঁ জুলীয়া খাদ্যৰ লগতে ভাত-ৰুটিৰ দৰে স্বাভাৱিক খাদ্যও খোৱা আৰম্ভ কৰিছে। বাহিৰৰ পৰা অক্সিজেন দিয়া হোৱা নাই।
Prev Post
You might also like