নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লতা মংগেশকাৰৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি, ৰখা হৈছে ভেন্টিলেছনত

কোকিলকণ্ঠী লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটিছে। কিংবদন্তী গায়িকাগৰাকীক ৰখা হৈছে ভেন্টিলেশনত। কিছু দিন আগতে ক’ভিড আক্রান্ত হোৱা গায়িকাগৰাকীক যোৱা ১১জানুৱাৰীত মুম্বাইৰ ব্রীচ কেণ্ডি হাস্পাতালত ভর্তি কৰোৱা হৈছিল। নিউমনিয়াও ধৰা পৰিছিল। শনিবাৰে মুম্বাইৰ হাস্পাতাল কর্তৃপক্ষৰ তৰফৰ পৰা এক বিবৃতি দিয়া হৈছে যে, ‘লতা মংগেশকাৰৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে। তেওঁক ভেন্টিলেটৰৰ সহায়ত ৰখা হৈছে। আইচিইউত চিকিৎসকৰ তত্ত্বাৱধানত আছে। উল্লেখ্য যে, কিছুদিন আগেয়ে ৯২ বছৰীয়া গায়িকাগৰাকীৰ হাওঁফাওৰ সংক্রমণো ধৰা পৰে।

You might also like