নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত নতুন আতংক লৰেঞ্চ বিষ্ণয় গেং

🔹 ১১খন ৰাজ্যত সক্রিয় ৭০০ শ্বার্প শ্বুটাৰ

নিউজ ডেস্ক, ১৫ অক্টোবৰ : মহাৰাষ্ট্রৰ প্রভাৱশালী ৰাজনীতিক, বলীউডৰ সৈতে সু–সম্পর্ক থকা বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰাৰ পাছতে দেশজুৰি চর্চিত এটি নাম গেংষ্টাৰ লৰেঞ্চ বিষ্ণয়৷ পলাতক কুখ্যাত ডাউদ ইব্রাহিমৰ পাছত মুম্বাইত এতিয়া নতুন আতংক লৰেঞ্চ বিষ্ণয় গেং৷ বিশ্ববিদ্যালয়ৰ কালছোৱাত সৰু–সুৰা অপৰাধৰে জড়িত হৈ পাছলৈ বিশাল গেং গঠন কৰি পঞ্জাব আৰু দিল্লীত আতংকৰ সৃষ্টি কৰা লৰেঞ্চ বিষ্ণয়ৰ গেঙে এতিয়া মায়ানগৰী মুম্বাইত আতংকৰ সৃষ্টি কৰিছে৷ পঞ্জাবত সংগীত শিল্পী সিধু মুছেৱালাক হত্যা কৰাৰ পাছত দিল্লীত জীমৰ স্বত্বাধিকাৰী এগৰাকীক নৃশংসভাৱে গুলীয়াই হত্যা কৰা লৰেঞ্চ বিষ্ণয়ৰ গেঙে বাণিজ্যিক ৰাজধানী মুম্বাইত প্রভাৱশালী ৰাজনীতিক বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰাৰ লগে লগে দেশৰ নতুন আতংক হৈ পৰিছে লৰেঞ্চ বিষ্ণয় গেং৷ কাৰাগাৰত বন্দী হৈ থকা অৱস্থাতেই গেং পৰিচালনা কৰি থকা লৰেঞ্চ বিষ্ণয় গেঙৰ ১১ ৰাজ্যত আছে ৭০০তকৈ অধিক শ্বার্প শ্বুটাৰ৷ কাৰাগাৰৰ পৰা নির্দেশ পালে এই শ্বার্প শ্বুটাৰে গেঙৰ তালিকাত থকা বিশিষ্ট ব্যক্তিক গুলীয়াই হত্যা কৰিবলৈ সাজু হৈ থাকে৷ পঞ্জাব, দিল্লীৰ পাছত মুম্বাই আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছে লৰেঞ্চ বিষ্ণয় গেং৷ হত্যা, ধনদাবী, ড্রাগ্ছ সৰবৰাহ কৰাৰ লগতে সন্ত্রাসবাদী গোটৰ সৈতে মিলিত হৈ ১১খন ৰাজ্যত অপৰাধমূলক কার্য নির্বিঘ্ণে চলাই আছে বিষ্ণয় গোটে৷ ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ মতে পলাতক কুখ্যাত ডাউদ ইব্রাহিমৰ ‘ডি’ কোম্পানীৰ দৰেই এতিয়া সন্ত্রাসৰ কাৰণ হৈ উঠিছে লৰেঞ্চ বিষ্ণয় গেং৷ ইপিনে, মহাৰাষ্ট্রৰ প্রাক্তন মন্ত্রী, এনচিপিৰ নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰাৰ দায়িত্ব স্বীকাৰ কৰাই নহয়, বলীউডৰ ছুপাৰ ষ্টাৰ ছলমান খানক সহায় কৰা প্রত্যেকৰে পৰিণাম ভয়াৱহ হ’ব বুলি ভাবুকি দিছে গেংষ্টাৰ লৰেঞ্চ বিষ্ণয়ৰ গোটে৷ বলীউডৰ ছুপাৰ ষ্টাৰ ছলমান খানক হত্যা কৰাৰ ভাবুকি দিয়া লৰেঞ্চ বিষ্ণয় গেঙে বাবা ছিদ্দিকীক হত্যা কৰাৰ পাছত অভিনেতাজনক সহায় কৰা লোককো হত্যাৰ ভাবুকি দিছে৷ ’৯০ৰ দশকত মুম্বাইৰ পৰা ডাউদ ইব্রাহিমে যেনেদৰে হত্যা, ধনদাবীকে ধৰি বিভিন্ন অসামাজিক কার্যকলাপেৰে প্রভাৱশালী হৈ উঠিছিল, ঠিক তেনেদৰেই গেংষ্টাৰ লৰেঞ্চ বিষ্ণয়েও শক্তিশালী হৈ উঠিছে৷ সাধাৰণ অপৰাধজনিত ঘটনাৰ পৰাই পাছলৈ নিজা গেং গঠন কৰি লৰেঞ্চ বিষ্ণয়ে উত্তৰ ভাৰতৰ ১১খন ৰাজ্যত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ নিয়াই লৰেঞ্চ বিষ্ণয় গোটৰ বিৰুদ্ধে অভিযান চলাই আছে যদিও ইয়াৰ মাজতেই বিষ্ণয় গেঙে কেইবাটাও ভয়াৱহ হত্যাকাণ্ড সংঘটিত কৰিবলৈ সক্ষম হৈছে৷ সামাজিক মাধ্যম ফেচবুক, ইনষ্টাগ্রাম আদিৰ জৰিয়তে বিষ্ণয়ে গেংটোৰ সদস্য বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷ কানাডা আৰক্ষী আৰু ভাৰতীয় চোৰাংচোৱা সংস্থাৰ ৱাণ্টেড গ’ল্ডী ব্ৰাৰ ওৰফে ছটৱিন্দৰ সিঙৰ দ্বাৰা সম্প্রতি লৰেঞ্চ বিষ্ণয় গেং পৰিচালিত হৈ আছে৷ বিশ্ববিদ্যালয়ৰ সৰু–সুৰা অপৰাধজনিত ঘটনাত জড়িত হোৱাৰ সময়তে লৰেঞ্চ বিষ্ণয়ে লগ পাইছিল আন এক কুখ্যাত গেংষ্টাৰ গোল্ডী ব্রাৰক৷ কাৰাগাৰত বন্দী হৈ থকা লৰেঞ্চ বিষ্ণয় বন্দী অৱস্থাৰ পৰাই গেংটোক পৰিচালনা কৰিবলৈ সক্ষম হৈ আছে৷ লৰেঞ্চ বিষ্ণয়ে পঞ্জাবতে ৩০০তকৈ অধিক শ্বুটাৰ নিয়োগ কৰি ৰাখিছে৷ পঞ্জাবৰ উপৰি হাৰিয়ানা, দিল্লী, ৰাজস্থান আদিত স্থানীয় গেঙৰ সৈতে মিলিত হৈ বিষ্ণয়ে বিশাল নেটৱর্ক এটা গঢ়ি তুলি আৰক্ষীৰ মূৰৰ কামোৰণি হৈ আছে৷ উত্তৰ ভাৰতৰ পঞ্জাব, উত্তৰ প্রদেশ, হাৰিয়ানা, মহাৰাষ্ট্র, দিল্লী, ৰাজস্থান, ঝাৰখণ্ড আদিত বিষ্ণয় গেঙৰ প্রভাৱ আছে৷ কানাডাকে ধৰি বিভিন্ন দেশলৈ পঠিওৱাৰ প্রলোভনেৰে বিষ্ণয় গেঙে গোটটো শক্তিশালী কৰি আছে৷ পাকিস্তানস্থিত খালিস্তানী সন্ত্রাসবাদী হৰবিন্দৰ সিং ৰিণ্ডাৰ জৰিয়তে বিষ্ণয়ৰ শ্বুটাৰে তালিকাভুক্ত কৰা বিশিষ্ট ব্যক্তিক হত্যা কৰাৰ লগতে অসামাজিক কার্যকলাপ চলাই আহিছে৷ শেহতীয়া তথ্য মতে ৰাজনীতিক বাবা ছিদ্দিকীক হত্যাৰ পৰিকল্পনা পাটিয়ালা জে’লতেই কৰা হৈছিল বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে বাবা ছিদ্দিকীক হত্যাৰ পাছত ফেচবুকত চুবু লংকৰ নামৰ ব্যক্তি এজনে বাবা ছিদ্দিকীৰ পুত্র জিছান ছিদ্দিকীকো হত্যাৰ পৰিকল্পনা চলাইছিল বুলি প্রচাৰ কৰিছে৷ এই লংকৰ হৈছে বিষ্ণয় গেঙৰ সদস্য৷ চুবু লংকৰ বর্তমান কাৰাবন্দী হৈ আছে যদিও চুবুৱে ভাতৃ প্রবীণ লংকৰৰ দ্বাৰা এই তথ্য ফেচবুকযোগে প্রচাৰ কৰিছে৷ আৰক্ষীয়ে প্রবীণ লংকৰক গ্রেপ্তাৰ কৰিছে৷ উল্লেখ্য যে অভিনেতা ছলমান খানক হত্যাৰ ভাবুকি প্রদান কৰাৰ পাছতেই আৰক্ষীয়ে অভিনেতাজনৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে৷ ছলমান খানৰ বান্দ্রাস্থিত গেলেক্সী এপার্টমেণ্টত যোৱা ১৪ এপ্রিলত বিষ্ণয় গেঙে গুলী চলাই অভিনেতাজনক হত্যাৰ ভাবুকি দিছিল৷ ইয়াৰ পাছতেই অভিনেতাজনৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে৷ বিষ্ণয় গোটে দাবী কৰা মতে ১৯৯৮ চনৰ ছেপ্ঢেম্বৰত হাম সাথ সাথ হ্যে ছবিখনৰ চিত্রগ্রহণৰ সময়ত যোধপুৰৰ সমীপত ছলমান খানে কৃষ্ণসাৰ পহু গুলীয়াই হত্যা কৰিছিল৷ ইয়াৰ বাবেই অভিনেতাজনক হত্যা কৰা হ’ব বুলি বিষ্ণয় গেঙে প্রকাশ কৰিছে৷ ২০২২ চনত পঞ্জাবৰ সংগীত শিল্পী সিধু মুছেৱালাকো হত্যা কৰিছিল বিষ্ণয় গেঙে৷

You might also like