নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমলিংগ বিবাহৰ বিৰোধিতা কেন্দ্ৰৰ: যুক্তি- ‘ই ভাৰতীয় সমাজ ব্যৱস্থাৰ বিৰুদ্ধে’

নিয়মীয়া বাৰ্তা, ১২মাৰ্চ: সমকামী বিবাহক আইনী স্বীকৃতি দিয়াৰ দাবীৰ বিৰোধিতা কৰিছে কেন্দ্ৰীয় চৰকাৰে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত কেন্দ্ৰই কৈছে যে তেনে কৰিলে ভাৰতৰ সামাজিক বিশ্বাস আৰু পৰিয়াল ব্যৱস্থাৰ বিৰুদ্ধে হ’ব। ইয়াৰ মাজতো আইনী বাধাৰ সৃষ্টি হ’ব। চলিত বৰ্ষৰ ৬ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহৰ বিষয়ত কেন্দ্ৰলৈ জাননী জাৰি কৰিছিল। ইয়াৰ লগতে বিভিন্ন উচ্চ ন্যায়ালয়ত বিচাৰাধীন আবেদনসমূহ তেওঁৰ হাতলৈ হস্তান্তৰ কৰা হয়।

সোমবাৰে (১৩ মাৰ্চ) উচ্চতম ন্যায়ালয়ত শুনানিৰ পূৰ্বে কেন্দ্ৰই ১৫খন আৱেদনৰ আটাইকেইখনকে উত্তৰ দাখিল কৰিছে। কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে কয় যে ভাৰতত পৰিয়ালৰ ধাৰণা হৈছে স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ সন্তান। সমকামী বিবাহ এই সামাজিক বিশ্বাসৰ বিৰোধী। সংসদে গৃহীত কৰা বিবাহ আইন আৰু বিভিন্ন ধৰ্মৰ পৰম্পৰাই এই ধৰণৰ বিবাহক মানি লোৱা নাই।

লগতে কেন্দ্ৰই কয় যে, “এনে বিবাহ স্বীকৃতি পালে যৌতুক, ঘৰুৱা হিংসা আইন, বিবাহ বিচ্ছেদ, জীৱিকা, যৌতুক মৃত্যু আদি সকলো আইনী বিধান কাৰ্যকৰী কৰাটো কঠিন হ’ব। এই সকলোবোৰ আইনত এজন পুৰুষক স্বামী আৰু এগৰাকী মহিলাক পত্নী হিচাপে গণ্য কৰা হয়।”

You might also like