নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰ, উত্তৰ প্রদেশত বজ্র–বৃষ্টিত ৮৭জনৰ মৃত্যু

৩ ৰাজ্যত শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন

নিউজ ডেস্ক, ১২ এপ্রিল : ৪৮ ঘণ্টাত প্রাকৃতিক দুর্যোগত বিহাৰত প্রাণ হেৰুৱাইছে কমপক্ষেও ৬৫গৰাকী লোকে৷ আহত হৈছে শতাধিক৷ পৰহি বিহাৰ, উত্তৰ প্রদেশ আৰু ঝাৰখণ্ডত মুষলধাৰ বৃষ্টিপাত আৰু বজ্রপাতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে৷ বিভিন্ন স্থানত শিলাবৃষ্টিও হয়৷ দুর্যোগৰ ফলত বিহাৰত কমপক্ষেও ৬৫গৰাকী লোকৰ মৃত্যু হৈছে৷ ৰাজ্যখনৰ নালন্দা জিলাতেই ২২গৰাকী লোকৰ মৃত্যু হৈছে৷ স্থানীয় প্রশাসনৰ তৰফৰ পৰা এতিয়াও বিস্তাৰিত খবৰ অহা নাই৷ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ এই দুর্যোগত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হয় বিহাৰ৷ ক্ষতিগ্রস্ত অঞ্চলসমূহৰ ভিতৰত নালন্দাৰ উপৰি ছিৱান, কাটিহাৰ, দ্বাৰভাংগা, বেগুচৰাই, ভাগলপুৰ আৰু জেহানাবাদো আছে৷ মুখ্যমন্ত্রী নীতিশ কুমাৰে প্রতিগৰাকী মৃত ব্যক্তিৰ পৰিয়াললৈ চাৰি লাখকৈ টকা এককালীন সাহায্য ঘোষণা কৰিছে৷ বিহাৰৰ বিৰোধী নেতা তেজস্বী যাদৱে অৱশ্যে দাবী কৰা অনুসৰি ৰাজ্যখনত ৫০গৰাকী লোকৰ মৃত্যু হৈছে৷ পৰহি বিয়লি পাটনাত ৪২.৬ মিলিমিটাৰ বৃষ্টিপাত হৈছে৷ চহৰখনৰ বিভিন্ন স্থান জলমগ্ণ হৈ পৰে৷ কালিও বিহাৰৰ বিস্তীর্ণ অংশত মুষলধাৰ বৃষ্টিৰ পূর্বাভাস দিছে বতৰ বিজ্ঞান বিভাগে৷ লক্ষণীয় যে উত্তৰ প্রদেশত এই দুর্যোগত ২২গৰাকী লোকৰ মৃত্যু হৈছে৷ ৰাজ্যখনৰ ১৫খন জিলাত ৰবি শস্যৰ ক্ষতিসাধন কৰিছে শিলাবৃষ্টিয়ে৷ ইফালে, ধুমুহাত বিভিন্ন স্থানত আৱাসগৃহ ধ্বংস হৈছে৷ ঝাৰখণ্ডতো ৪৮ ঘণ্টাত বৃষ্টিপাত আৰু ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে যদিও কোনো লোক হতাহত হোৱাৰ খবৰ সংবাদ মাধ্যমে লাভ কৰা নাই৷ উত্তৰ প্রদেশতো প্রতিগৰাকী মৃত ব্যক্তিৰ পৰিয়াললৈ ৪ লাখকৈ টকা এককালীন সাহায্য হিচাপে আগবঢ়োৱা হৈছে৷

You might also like