নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদীক ‘লিজিয়ন অব্ মেৰিট’ সন্মান প্রদান ট্রাম্পৰ

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ  ভাৰত–আমেৰিকাৰ মাজত কৌশলপূর্ণ সহযোগিতা বৃদ্ধি আৰু ভাৰতক এক গোলকীয় শক্তি হিচাপে আগবঢ়াই নিয়াৰ ক্ষেত্রত সবল নেতৃত্ব প্রদান কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ আগবঢ়াইছে সন্মানীয় ‘লিজিয়ন অৱ মেৰিট’ বঁটা৷ আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্রদূত তৰণজিৎ সিং ছান্ধুৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হৈ কালি এই বঁটা গ্রহণ কৰিছে মার্কিন ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা ৰবার্ট অ’ব্রিয়েনৰ পৰা৷ হোৱাইট হাউছত আয়োজন কৰা এক অনুষ্ঠানত ভাৰতীয় ৰাষ্ট্রদূতগৰাকীৰ হাতত এই বঁটা প্রদান কৰিছে ৰবার্ট অ’ব্রিয়েনে৷ এই বঁটা প্রদানৰ পিছতে অ’ব্রিয়েনে ছ’চিয়েল মিডিয়া টুইটাৰযোগে ঘোষণা কৰিছে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভাৰত–আমেৰিকাৰ কৌশলপূর্ণ সহযোগিতাৰ ক্ষেত্রত যি নেতৃত্বদায়ী ভূমিকা গ্রহণ কৰিছিল, তাক লৈ সন্তুষ্ট ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ ইয়াৰ উপৰি মোদীৰ নেতৃত্বতে ভাৰত গোলকীয় এক শক্তি হিচাপে আগবাঢ়ি যোৱা বুলিও অ’ব্রিয়েনে উল্লেখ কৰিছে৷ গতিকে মোদীক মুখ্য কমাণ্ডাৰৰ সন্মান ‘লিজিয়ন অৱ মেৰিট’ প্রদান কৰিছে ট্রাম্পে৷ স্মর্তব্য যে কোনো দেশ বা চৰকাৰৰ মুৰব্বীকহে এই বঁটা প্রদান কৰা হয়৷ লক্ষণীয়ভাৱে ট্রাম্পে অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছন আৰু জাপানৰ প্রাক্তন প্রধানমন্ত্রী শ্বিনজো আবেলৈও ‘লিজিয়ন অৱ মেৰিট’ সন্মান আগবঢ়াইছে৷ ৱাশ্বিংটন ডিচিত অষ্ট্রেলিয়া আৰু জাপানৰ ৰাষ্ট্রদূতে দুয়োগৰাকী নেতাৰ হৈ এই সন্মান গ্রহণ কৰিছে ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অ’ব্রিয়েনৰ পৰা৷

You might also like