এলএচিত অত্যাধুনিক ইউএভিৰে চীনৰ নিৰীক্ষণ
তিব্বত স্বায়ত্ত শাসিত অঞ্চলত প্রথমটো উৰণ সম্পন্নঃভাৰতৰ বাবে নতুন প্রত্যাহ্বান
নিয়মীয়া বাৰ্তা ২৫ মেঃ দুর্গম মালভূমিসমূহত অভিযানৰ সক্ষমতা থকা মানৱবিহীন আকাশমার্গেৰে চলোৱা বাহন (ইউএভি) চীনে নির্মাণ কৰি উলিয়াইছে৷ এই ইউএভি শেহতীয়াকৈ কৈলাস পার্বত্য অঞ্চলত ভাৰতৰ সৈতে থকা সীমান্তৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ৰ নিৰীক্ষণৰ বাবে মোতায়েন কৰাৰ আঁচনি গ্রহণ কৰিছে চীনে৷ শেহতীয়াকৈ কেইবাটাও বিশ্বস্ত সূত্রই এই তথ্য সদৰী কৰিছে৷ দেশখনৰ ছানঝি অঞ্চলত এই অতি শক্তিসম্পন্ন অত্যাধুনিক ইউএভি নির্মাণ কৰা হৈছে৷ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ গাৰ গুনছাত ইতিমধ্যে ইয়াৰ প্রথমটো উৰণ সফলতাৰে সম্পূর্ণ কৰিছে চীনে৷
হাইলান উৰণ গোটৰ নিয়ন্ত্রণত আছে এই ইউএভি তথা মানৱবিহীন হেলিকপটাৰ৷ ৪,৭০০ মিটাৰ দূৰত্ব অতিক্রম কৰাৰ পিছত বাগা চহৰত ই অৱতৰণ কৰিছিল৷ কৈলাস পার্বত্য অঞ্চলত এতিয়া এলএচিৰ নিৰীক্ষণ তথা বিভিন্ন তালাচী অভিযানত এই ইউএভি হ’ব পাৰে চীনৰ অতি গুৰুত্বপূর্ণ অস্ত্র৷ কৈলাস পার্বত্য অঞ্চলজুৰি আছে পাংগং ছোৰ, দক্ষিণ প্রান্তৰ পৰা উত্তৰ–পশ্চিম আৰু দক্ষিণ–পূবৰ ৬০ কিলোমিটাৰলৈকে৷ স্মর্তব্য যে যোৱা বছৰ মে’ মাহত এলএচিত ভাৰত–চীনৰ সেনাৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ সময়ত এই কৈলাস পার্বত্য অঞ্চল উভয় দেশৰ বাবে এক ষ্ট্রেটেজিক পইণ্ট হিচাপে চিহ্ণিত হৈছিল৷ এই অত্যাধুনিক ইউএভি যদি অঞ্চলটোত চীনে মোতায়েন কৰে, তেতিয়াহ’লে স্থলপথৰ দুর্গম যাতায়াতৰ সমস্যা দূৰ হ’ব৷