লকডাউনৰ প্রভাৱঃ ভূতৰ গাঁও গুচি ফুলবাৰী হ’ল
কেইবাদশকৰো পিছত গাঁৱলৈ উভতি আহিল প্রব্রজিত শ্রমিক
নিয়মীয়া বাৰ্তা ১৮ জুনঃ ক’ৰোনা ভাইৰাছ লকডাউনে মানুহৰ জীৱনশৈলী সলনি কৰাই নহয়, নিজৰ অতীতলৈ ওভতাই আনিলে৷ এনে এক ঘটনাই সংঘটিত হৈছে উত্তৰাখণ্ডত৷ দশক দশক পূর্বে গাঁও এৰি কর্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ প্রব্রজনৰ ফলত উত্তৰাখণ্ডত কেইবাখনো গাঁও ভূত গাঁও হিচাপে চর্চিত হৈছিল৷ অর্থাৎ ৰাজ্যখনৰ পৌৰী গাঢ়ৱাল জিলাৰ বালুনি গাঁৱকে ধৰি কেইবাখনো গাঁৱলৈ এতিয়া জীৱনৰ বসন্ত নামি আহিছে৷ অর্থাৎ ভূতগাঁৱৰ পৰা ফুলবাৰী হ’ল৷ লকডাউনৰ ফলত বিভিন্ন ৰাজ্যৰ পৰা এই অঞ্চললৈ অতি কমেও ৫৫০জন প্রব্রজিত শ্রমিক উভতি আহিল আৰু ইতিমধ্যে পৰিত্যক্ত হৈ থকা ভগ্ণ ঘৰ–দুৱাৰ মেৰামতি কৰি ল’লে৷ তদুপৰি অঞ্চলত থকা পৰিত্যক্ত মাটিকে ধৰি বিভিন্ন স্থানত খেতি কৰিবলৈ ল’লে৷ উল্লেখ্য যে উত্তৰাখণ্ডত এনে ১৭০০তকৈ অধিক গাঁও আছে৷ ইয়াৰে ১০০০ত ১০০তকৈ অধিক লোক বসবাস কৰে৷ তাৎপর্যপূর্ণ যে পৌৰী গাঢ়ৱালৰ এনে পৰিত্যক্ত গাঁৱতেই জন্ম পাইছিল বিশ্ববিশ্রুত খেলুৱৈ চাইনা, বর্তমানৰ চি ডি এছ বিপিন ৰাৱট৷