নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্ণৌত বছৰি নির্মাণ হ’ব ৮০–১০০টা ‘ব্রাহ্মোছ’ ক্ষেপণাস্ত্র 

🔹 দেশৰ সেনাক অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত চৰকাৰৰ

নিউজ ডেস্ক, ১০ মে’ : সেনাক অধিক শক্তিশালী কৰিবলৈ এইবাৰ উত্তৰ প্রদেশৰ লক্ষ্ণৌত ‘ব্রাহ্মোছ’ ক্ষেপণাস্ত্র নির্মাণৰ নতুন কাৰখানা মুকলি কৰা হ’ব৷ আগন্তুক ১১ মে’ত এই কাৰখানাটো উদ্বোধন কৰিব প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ সূত্রই সদৰী কৰা অনুসৰি, বছৰি ৮০ৰ পৰা ১০০টা ক্ষেপণাস্ত্র নির্মাণ কৰা হ’ব এই কাৰখানাটোত৷ লক্ষ্ণৌৰ এই সামৰিক অস্ত্র নির্মাণৰ কাৰখানা মুকলিৰ প্রস্তাৱ দীর্ঘদিনীয়া৷ ২০২১ চনত নতুন এই কাৰখানাৰ শিলান্যাস কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ৰাজ্য প্রশাসনৰ শীর্ষস্তৰৰ এগৰাকী বিষয়াই সদৰী কৰা অনুসৰি ক্ষেপণাস্ত্র নির্মাণৰ নতুন এই কাৰখানাই বহু সম্ভাৱনাৰ দিশ মুকলি কৰি দিব৷ ‘ব্রাহ্মোছ’ ক্ষেপণাস্ত্র নির্মাণৰ বাবে এই কাৰখানাৰ নামত আবণ্টন দিয়া হৈছিল ৮০ হেক্টৰ ভূমি৷ এই ভূমিত ক্ষেপণাস্ত্র নির্মাণৰ বাবে যি কাৰখানা গঢ়ি তোলা হৈছে, সেয়া উদ্বোধন কৰিব প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ ‘ব্রাহ্মোছ’ নির্মাণৰ এই কাৰখানা ‘ডিফেঞ্চ ইণ্ডাষ্ট্রিয়েল কৰিড’ৰ‘ৰ অন্তর্ভুক্ত এই কৰিড’ৰক ছটা ভাগত ভাগ কৰা হৈছে৷ ইয়াৰ ভিতৰত এটা লক্ষ্ণৌ, এটা কানপুৰ আৰু এটা আলিগড়ত আছে৷ ইয়াৰ উপৰি অন্য তিনিটা আছে আগ্রা, ঝান্সি আৰু চিত্রকূটত৷ এই প্রকল্পৰ বাবে আলিগড়ত ভূমি আবণ্টনৰ কাম আৰম্ভ কৰিছে যোগী আদিত্যনাথ চৰকাৰে৷ আগ্রাত অৱশ্যে ভূমি সম্পর্কীয় কিছু সংকটে দেখা দিছে৷ কিন্তু প্রশাসনে দাবী কৰা অনুসৰি, এই সংকটৰ শীঘ্রে অৱসান ঘটিব৷ স্মর্তব্য যে দেশৰ সেনাক অধিক শক্তিশালী কৰাৰ উপৰি সমৰাস্ত্রৰ যোগান পর্যাপ্ত কৰি তুলিবলৈ নতুন কাৰখানাত অস্ত্র উৎপাদনৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে ভাৰতে৷ ইয়াৰ অংশ হিচাপে লক্ষ্ণৌৰ অস্ত্র কাৰখানাত নির্মাণ কৰা হ’ব ‘ব্রাহ্মোছ’ ক্ষেপণাস্ত্র৷ এই কাৰখানাটো দেশৰ অস্ত্রৰ যোগানৰ বাবে অন্যতম গুৰুত্বপূর্ণ কাৰখানা হিচাপে চিহ্ণিত হৈ পৰিব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷

You might also like