নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NCC ৰ ৰেলীত পাঞ্জাবী পাগুৰিত প্ৰধানমন্ত্ৰী, ক’লে- মই গৌৰৱান্বিত যে ময়ো এসময়ত NCC-ৰ এজন সক্ৰিয় সদস্য আছিলোঁ

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে দিল্লীৰ কৰিয়াপ্পা গ্ৰাউণ্ডত নেচনেল কেডেট কৰ্পছ (এনচিচি)ৰ এক ৰেলী সম্বোধন কৰে। এই অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- “এই সময়ত দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিছে। আৰু যেতিয়া এখন যুৱ দেশে এনে এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হয়, তেতিয়া ইয়াৰ উদযাপনত এক বেলেগ উৎসাহ থাকে। কৰিয়াপ্পা গ্ৰাউণ্ডত মই এই মুহূৰ্তত এই উত্তেজনা দেখিছোঁ। মই গৌৰৱান্বিত যে মইয়ো কেতিয়াবা আপোনালোকৰ দৰেই এনচিচিৰ এজন সক্ৰিয় কেডেট আছিলোঁ। মই এনচিচিত যি প্ৰশিক্ষণ পাইছিলোঁ, মই যি শিকিছিলোঁ -সেয়া আজি মই দেশৰ প্ৰতি মোৰ দায়িত্ব পালনৰ ক্ষেত্ৰত ইয়াৰ পৰা অপৰিসীম শক্তি লাভ কৰিছো।”

আজিৰ এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীক এটা পাঞ্জাবী পাগুৰি আৰু কলা ৰঙৰ চশমাত দেখা গৈছিল। ৰেলীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ১০০০ এনচিচি কেডেটৰ মাৰ্চপাষ্টৰ অভিবাদন গ্ৰহণ কৰে।

মোদীয়ে কেডেটসকলক পুনৰ কয়- “আমাৰ চৰকাৰে এনচিচিক শক্তিশালী কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। এই ৰেলীত আমি দেখিছোঁ যে বৃহৎ সংখ্যক ছোৱালী কেডেটেও অংশগ্ৰহণ কৰিছে। এই পৰিৱৰ্তনক সমগ্ৰ ভাৰতে আজি প্ৰত্যক্ষ কৰিছে।”

উল্লেখ্য যে ১৯৫৩ চনৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হোৱা এই ৰেলী গণতন্ত্ৰ দিৱসৰ পিছত অনুষ্ঠিত হয়।

চাওক কেইখনমান আলোকচিত্ৰ-

দিল্লীৰ কৰিয়াপ্পা গ্ৰাউণ্ডত NCC ৰেলীৰ সময়ত প্ৰধানমন্ত্ৰী মোডীক দেখা গৈছিল পাঞ্জাৱী পাগুৰিত
NCC কেডেটসকলে প্ৰধানমন্ত্ৰীক গাৰ্ড অফ অনাৰ প্ৰদান কৰে
১৯৫৩ চনৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এই ৰেলী
You might also like