নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেকমোহন লাইন অতিক্রম কৰি ভাৰতৰ ভূমিত চীনা সৈন্যৰ আগ্রাসন

নিয়মীয়া বাৰ্তা ২০ জুনঃ  লাডাখৰ গালৱান উপত্যকাত চীন আৰু ভাৰতীয় সেনাৰ মাজত সংঘটিত ভয়াৱহ সংঘর্ষত ২০জন ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱা ঘটনাই শোকস্তব্ধ কৰি তুলিছে দেশবাসীক৷ গালৱান উপত্যকাত লাইন অৱ এক্সুৱেল কণ্ড্র’ল (এলএচি) অতিক্রম কৰি চীনা সৈন্যই ভাৰতৰ ভূমিত বাৰম্বাৰ প্রৱেশৰ পাছতেই গালৱানত সৃষ্টি হৈছিল সংঘর্ষ৷ ইয়াৰ লগে লগে ভাৰত–চীন সীমান্তৱর্তী অঞ্চলসমূহত জাৰি কৰা হৈছে হাই এলার্ট৷ চীনৰ পূব প্রান্তত এক দীঘলীয়া সীমাৰ অংশীদাৰ অৰুণাচল প্রদেশতো এতিয়া যুদ্ধসদৃশ পৰিস্থিতি৷ ইয়াৰ মাজতে অৰুণাচলত চীনৰ পিপ্লছ লিবাৰেচন আর্মীয়ে (পিএলএলএ) বাৰম্বাৰ সীমা অতিক্রম কৰি ভাৰতীয় ভূ–খণ্ডত প্রৱেশ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ কেৱল সীমা অতিক্রম কৰাই নহয়, মেকমোহন লাইন অতিক্রম কৰি চীনা সৈন্যই ভাৰতৰ ভূখণ্ডত ৰাস্তা–দলং নির্মাণৰ তথ্যও পোহৰলৈ আহিছে৷ অৰুণাচলৰ বিস্তীর্ণ অঞ্চল বেদখল কৰি চীনা সৈন্যই এনেদৰে আন্তঃগাঁথনি নির্মাণ কৰাৰ তথ্য স্বয়ং প্রদেশখনৰ সাংসদ টাপিৰ গাউৱে সংসদ আৰু সংবাদ মাধ্যমক অৱগত কৰি আহিছে৷ চীন আৰু অৰুণাচল প্রদেশৰ মাজত থকা সীমাৰ দৈর্ঘ্য হৈছে ১,১২৬ কিলোমিটাৰ৷ ইয়াৰে সীমান্তৱর্তী আনজাউ জিলাত চীনা সৈন্যই প্রৱেশ কৰি পথ–দলং নির্মাণ কৰিছে৷ চাগলাগাম ৰাজহ চক্রৰ অন্তর্গত দৈমৰ’ নুল্লাহ অঞ্চলত চীনা সৈনাই প্রথমে এখন কাঠৰ দলং নির্মাণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ একাংশ স্থানীয় চিকাৰীয়ে প্রত্যক্ষ কৰাৰ পাছতে স্থানীয় প্রশাসনক অৱগত কৰিছিল৷ পৰৱর্তী সময়ত এই সীমামূৰীয়া অঞ্চলটোত চীনৰ সৈন্যই পথ নির্মাণ কৰাৰ লগতে আন আন আন্তঃগাঁথনি নির্মাণৰ তথ্য পোহৰলৈ আহিছে৷ এই অঞ্চলটোলৈ চীনা সৈন্যৰ সঘন আহ–যাহৰ তথ্য প্রত্যক্ষ কৰি আহিছে স্থানীয় বাসিন্দাসকলে৷ পাহাৰীয়া এই অঞ্চলটোৰ শিলত নিজৰ অৱস্থিতি প্রকাশ কৰাৰ বাবে চীনা ভাষাত বিভিন্ন চিহ্ণ লিপিবদ্ধ কৰি থোৱা পৰিলক্ষিত হয়৷ চীনৰ সৈন্যই দৈমৰ’ নুল্লাহত নির্মাণ কৰা কাঠৰ দলংখন ২৫ কিলোমিটাৰ ভাৰতীয় ভূ–খণ্ডৰ ভিতৰত৷ কেৱল আনজাউতেই নহয়, সীমামূৰীয়া কেইবাটাও অঞ্চলতো চীনৰ সৈন্যই বাৰম্বাৰ মেকমোহন লাইন অতিক্রম কৰি ভাৰতীয় ভূ–খণ্ডত প্রৱেশ কৰি দলং–ৰাস্তা নির্মাণৰ চেষ্টা চলোৱাৰ তথ্য পোহৰলৈ আহিছে৷ অৱশ্যে এয়া চীনৰ সৈন্যই এদিনতে সম্ভৱ কৰি তোলা নাই৷ বিগত বছৰ বছৰ ধৰি চীনৰ সৈন্যই এনেদৰে অৰুণাচলৰ প্রান্তে প্রান্তে সীমা অতিক্রম কৰি ভাৰতৰ ভূ–খণ্ডত প্রৱেশ কৰি আন্তঃগাঁথনি নির্মাণৰ চেষ্টা চলাই আহিছে৷ যাতে কোনো কাৰণত সংঘর্ষৰ সৃষ্টি হ’লে অতি কম সময়ৰ ভিতৰত চীনৰ সৈন্য সীমান্তৱর্তী অঞ্চলসমূহত প্রৱেশ কৰিব পাৰে৷ আনকি ভাৰতীয় ভূ–খণ্ডত প্রৱেশ কৰি চীনৰ সৈন্যই টহল দিয়া বুলি কালি সংবাদ মাধ্যমৰ আগত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অৰুণাচলৰ সাংসদ গাউৱে৷ যাৰ বাবে চীনৰ সৈন্যৰ বাৰম্বাৰ এনে কার্যই পুনৰ অৰুণাচলতো শীঘ্রে লাডাখৰ গালৱান উপত্যকাসদৃশ পৰিৱেশৰ সৃষ্টি কৰিব নেকি বুলি প্রশ্ণ উত্থাপন হৈছে৷ অৰুণাচলত সীমান্তৱর্তী চীনৰ ভূ–খণ্ডত ইতিমধ্যে সংশ্লিষ্ট দেশখনৰ চৰকাৰে অতি উন্নত মানৰ পথ নির্মাণ কৰা বুলি সংবাদ মাধ্যমত বাতৰি প্রকাশ পাই আহিছে৷ কালি সাংসদ টাপিৰ গাউৱে ‘নিয়মীয়া বার্তা’ৰ আগত প্রতিক্রিয়া প্রকাশ কৰি কয় যে কংগ্রেছ চৰকাৰৰ শাসনকালৰ পৰাই চীনৰ সৈন্যই অৰুণাচলৰ ভূমিত প্রৱেশ কৰি আন্তঃগাঁথনি নির্মাণৰ চেষ্টা চলাই আহিছে৷ শেহতীয়া পৰিস্থিতিৰ বাবে অৰুণাচলৰ আনজাউ, ডিবাং আৰু আপৰ সোৱণশিৰি জিলা অত্যন্ত স্পর্শকাতৰ হিচাপে বিবেচিত হৈছে৷ আপাৰ সোৱণশিৰিত দলং, ৰাস্তাৰ লগতে হেলিপেডো নির্মাণ কৰিছে৷ ইয়াৰ লগে লগে কেৱল লাডাখতেই নহয়, চীনে আন সীমান্তৱর্তী অঞ্চলসমূহতো ভাৰতীয় ভূ–খণ্ডত প্রৱেশৰ ষড়যন্ত্রৰে সংঘর্ষ সৃষ্টিৰ অপচেষ্টা কৰিছে বুলি আশংকা কৰিব পৰা যায়৷ উল্লেখ্য যে লাডাখৰ গালৱান উপত্যকাত সংঘটিত ঘটনাৰ পাছতে অৰুণাচলতো সেনাৰ কুচ–কাৱাজ বৃদ্ধি কৰা হৈছে৷ ইতিমধ্যে অৰুণাচললৈ প্রেৰণ কৰা হৈছে অতিৰিক্ত সেনা৷ এনে পৰিৱেশত লাডাখ সদৃশ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাত শংকিত হৈ পৰিছে স্থানীয় বাসিন্দা৷
ডিব্রুগড়ৰ বায়ুসেনাৰ ঘাটিত সংযোজন ঘটিল অত্যাধুনিক চিনুক হেলিকপ্টাৰ
ভাৰত আৰু চীনৰ সীমান্তত দুয়ো দেশৰ সেনাৰ মাজত হোৱা সংঘর্ষৰ পাছত কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা ব্যাপক সতর্কতামূলক ব্যৱস্থাৰ কুচকাৱাজ ডিব্রুগড়তো পৰিলক্ষিত হৈছে৷ দেশৰ প্রতিৰক্ষা ক্ষেত্রখনত অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত ডিব্রুগড়ৰ চাবুৱাৰ বায়ুসেনাৰ ঘাটি আৰু তেজপুৰৰ বায়ুসেনাৰ ঘাটিত শেহতীয়াকৈ সংযোজন কৰা হৈছে অত্যাধুনিক চিনুক হেলিকপ্ঢাৰ৷ ডিব্রুগড়ৰ চাবুৱা আৰু মোহনবাৰীৰ বায়ুসেনাৰ ঘাটিত এনে কেইবাখনো চিনুক হেলিকপ্ঢাৰ যিকোনো পৰিস্থিতিৰ বাবে সাজু কৰি ৰখা হৈছে৷ উল্লেখ্য যে ইতিমধ্যে চাবুৱাৰ বায়ুসেনাৰ ঘাটিত কেইবাখনো অত্যাধুনিক ছুখ’ই বিমান সাজু কৰি ৰখা হৈছে৷ নতুনকৈ সংযোজন কৰা চিনুক হেলিকপ্ঢাৰ মূলতঃ অৰুণাচল প্রদেশৰ সীমান্তৱর্তী অঞ্চলসমূহৰ দুর্গম এলেকাত সেনাৰ সঞ্চালন অস্ত্র–শস্ত্র কঢ়িওৱাৰ বাবে ব্যৱহাৰ কৰা হ’ব৷ মোহনবাৰী বায়ুসেনাৰ ঘাটিৰ পৰা ইতিমধ্যে অৰুণাচলৰ চাংলাং জিলাৰ ম্যানমাৰ সীমান্তৱর্তী দুর্গম এলেকা বিজয় নগৰলৈ জৰুৰী সামগ্রী কঢ়িওৱা কার্যত এই যুদ্ধ বিমান ব্যৱহাৰ কৰা হৈছে৷ অত্যাধুনিক এই যুদ্ধ হেলিকপ্ঢাৰখনে ২০ হাজাৰ ফুট উচ্চতা পর্যন্ত গধুৰ সামগ্রী কঢ়িয়াব পাৰে৷ লগতে চিনুক হেলিকপ্ঢাৰে প্রতি ঘণ্টাত ১৭৫ মাইল বেগত গতি কৰিব পাৰে৷ মার্কিন যুক্তৰাষ্ট্র, ইজৰাইল, চীন, ব্রিটেইনসহ বিশ্বৰ ১৪খন দেশৰ সেনাৰ লগতহে আছে চিনুক হেলিকপ্ঢাৰ৷ প্রতিৰক্ষা মন্ত্রালয়ৰ ইষ্টার্ন এয়াৰ কমাণ্ডাৰ অন্তর্গত ডিব্রুগড় মোহনবাৰী বায়ুসেনাৰ ঘাটিত এই অত্যাধুনিক হেলিকপ্ঢাৰ সাজু কৰি ৰখা কার্যই বিশেষ তাৎপর্য বহন কৰিছে৷
চীনৰ দূতাবাসৰ সন্মুখত উত্তৰ–পূর্বাঞ্চলৰ লোকৰ প্রতিবাদ
ভাৰতীয় সেনাৰ ওপৰত আক্রমণ কৰা চীনৰ বিৰুদ্ধে আজি প্রতিবাদ সাব্যস্ত কৰে উত্তৰ–পূর্বাঞ্চলৰ দিল্লীবাসী লোকসকলে৷ চাণক্যপুৰীস্থিত চীনৰ দূতাবাসৰ সন্মুখত উত্তৰ–পূর্বাঞ্চলৰ যুৱক–যুৱতীসকলে প্রতিবাদ সাব্যস্ত কৰাৰ লগতে চীন চৰকাৰ হুঁচিয়াৰ, ড্রেগনৰ দেশ মুর্দাবাদ আদি শ্লোগানেৰে আকাশ–বতাহ কঁপাই তোলে৷ এই কার্যসূচীত দিল্লীত বাস কৰা উত্তৰ–পূর্বাঞ্চলৰ বহুসংখ্যক লোকে অংশগ্রহণ কৰে৷ প্রতিবাদকাৰীসকলৰ্ মতে চীনে কেৱল লাডাখতেই নহয়, উত্তৰ–পূর্বাঞ্চলৰ ছিকিম আৰু অৰুণাচলৰ বৃহৎ পৰিমাণৰ ভূমি দখল কৰিছে৷ সেয়েহে এইক্ষেত্রত কেন্দ্রীয় চৰকাৰক কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰে৷ চীনা সৈন্যক নিয়ন্ত্রণৰ বাবে কেন্দ্রীয় চৰকাৰে লোৱা যিকোনো সিদ্ধান্তক সমর্থন কৰিব বুলিও প্রতিবাদকাৰীসকলে মন্তব্য কৰে৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰা মণিপুৰৰ যুৱক কে কিউ লাইয়ে কয়– ‘চীনৰ লোকসকলৰ সৈতে আমাৰ শাৰীৰিক তথা চেহেৰাগত সাদৃশ্য আছে৷ কিন্তু চীনে জানি থোৱাটো উচিত যে তেওঁলোকৰ সৈতে আমাৰ মানসিকতাৰ মিল নাই৷’

You might also like