দেশ বিদেশৰাষ্ট্ৰীয় হায় মানৱতা; চিকিৎসা ব্যয় বহন নকৰাৰ বাবেই হাস্পতালৰ বিচনাত বান্ধি ৰখা হ’ল এগৰাকী বৃদ্ধক By নিয়মীয়া বাৰ্তা On Jun 7, 2020 Share নিয়মীয়া বাৰ্তা, ৭ জুনঃ মধ্য প্ৰদেশৰ ছাঞ্জাপুৰত পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা । য’ত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এগৰাকী বৃদ্ধ ৰোগীক বিচনাত বান্ধি থোৱা হয় । জানিব পৰা মতে, বৃদ্ধ ৰোগীগৰাকীৰ চিকিৎসাৰ বাবদ হোৱা খৰছৰ বাবে তেওঁৰ হাতত পৰ্যাপ্ত ধন নাছিল । যাৰ বাবে এই সামান্য কথাতে চিকিৎসালয়খনৰ কৰ্মচাৰীয়ে তেওঁক বিচনাতে বান্ধি ৰাখে । উল্লেখ্য যে, বৃদ্ধগৰাকীয়ে ৰাজগড় জিলাৰ পৰা চিকিৎসা কৰিবলৈয়ে ছাঞ্জাপুৰৰ এই হাস্পতালখনত ভৰ্তি হৈছিল । ৰোগীগৰাকীৰ কন্যাৰ অভিযোগ অনুসৰি, হাস্পতালখনে দুবাৰকৈ চিকিৎসাৰ বাবদ ধন জমা কৰাইছিল । যেতিয়া তেওঁলোকৰ সকলো সাচতীয়া ধন শেষ হৈছিল, তেতিয়া হাস্পতাল কৰ্তৃপক্ষক ঘৰ যোৱাৰ কথা কয় । তাৰপাছতে হাস্পতালখনৰ কৰ্মচাৰীয়ে বাকী থকা ধন সংগ্ৰহ কৰাৰ বিপৰীতে ৰোগীগৰাকীক বিচনাত বান্ধি থয় । ইপিনে এই সম্পূৰ্ণ ঘটনাৰ বিষয়ে ব্যক্তিগত চিকিৎসালয়খনৰ স্বতাধিকাৰী তথা চিকিৎসক ডাঃ বৰুণ বাজাজে কয় যে বৃদ্ধ ৰোগীগৰাকী মানসিক ভাৱে কিছু সুস্থিৰ নাছিল । যাৰ বাবে তেওঁক নিয়ন্ত্ৰণ কৰিবলৈ তেনেদৰে বান্ধি ৰাখিবলগীয়া হৈছিল । অৱশ্যে এই ঘটনা যেতিয়া পোহৰলৈ আহে আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং সৌহানৰ কাণত পৰে, তাৰপাছতে মুখ্যমন্ত্ৰী সৌহানে এই ঘটনাৰ সৈতে জড়িত সকলক কঠোৰতকৈ কঠোৰ শাস্তি বিহাৰ নিৰ্দেশ দিয়ে । Featured Share