নিয়মীয়া বাৰ্তা, ২৬ জুন: যোগ গুৰু বাবা ৰামদেৱৰ পতঞ্জলিয়ে ক’ভিড–১৯ৰ প্রতিষেধক দৰব ‘কৰোনিল’ উদ্ভাৱন কৰা বুলি দাবী কৰিছে যদিও আয়ুস মন্ত্রালয়ে ৰামদেৱক এই দৰব বিক্রীৰ ক্ষেত্রত বাধা প্রদান কৰিছে৷
দৰববিধৰ কোনোধৰণৰ পৰীক্ষা নোহোৱাকৈ বিজ্ঞাপন প্রকাশ কৰা বিষয়টোতো ক্ষোভ প্রকাশ কৰিছে মন্ত্রালয়ে৷
অকল সেয়াই নহয়, ৰামদেৱক ইয়াৰ বিজ্ঞাপন বন্ধ কৰিবলৈ কঠোৰ নির্দেশ দিছে৷ কেন্দ্রীয় আয়ুস মন্ত্রালয়ে এই নির্দেশ দিয়াৰ পিছতে ৰাজস্থানে ৰামদেৱৰ এই দৰব কোনো লোকে বিক্রী কৰিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি ঘোষণা কৰিছে৷ ৰাজস্থানৰ স্বাস্থ্যমন্ত্রী ৰঘু শর্মাই উল্লেখ কৰিছে যে ৰামদেৱে ৰাজ্য চৰকাৰৰ পৰা দৰববিধৰ ক্লিনিকেল পৰীক্ষাৰ বাবে কোনোধৰণৰ অনুমতি গ্রহণ কৰা নাছিল৷