নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত নেপালৰ ৬৪ হেক্টৰ ভূমি দখল চীনৰ

নিয়মীয়া বাৰ্তা, ২৬ জুন: সীমান্তত ভাৰতীয় ভূখণ্ড দখলৰ বাবে ষড়যন্ত্র অব্যাহত ৰখাত চীনৰ বিৰুদ্ধে এইবাৰ নেপালৰ সংসদত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ হিমালয়ান ৰাষ্ট্রখনৰ বিৰোধী দল নেপালী কংগ্রেছে দেশখনৰ সংসদৰ নিম্ন সদনত চীনে ভূখণ্ড দখল কৰা বুলি অভিযোগ কৰিছে৷

নেপালৰ ভূখণ্ড চীনে দখল কৰা বিষয়টো সন্দর্ভত প্রধানমন্ত্রী অ’লি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে নেপালী কংগ্রেছৰ সাংসদ দেৱেন্দ্র ৰাজ কান্দেল, সত্য নাৰায়ণ শর্মা খানাল আৰু সঞ্জয়া কুমাৰ গৌতমে৷

 দলটোৱে অভিযোগ কৰা অনুসৰি চীনে ডোলাখা, হুমলা, সিন্ধুপালচক, ছানখুৱাছ’ভা, গোর্খা আৰু ৰাছুৱা জিলাত ৬৪ হেক্টৰ ভূমি দখল কৰিছে৷ ইয়াৰ ফলত গোর্খা জিলাৰ লুই গাঁৱত ৭২টা পৰিয়াল আৰু ডাৰছুলাৰ ১৮টা পৰিয়াল এতিয়া চীনৰ ভূখণ্ডৰ অভ্যন্তৰত পৰিছে৷ স্মর্তব্য যে নেপালৰ সংসদৰ উচ্চ আৰু নিম্ন উভয় সদনতে নেপালী কংগ্রেছ হৈছে বৃহত্তম বিৰোধী দল৷ এই ঘটনা সন্দর্ভত প্রধানমন্ত্রী কেপি শর্মা অ’লিৰ পৰা উত্তৰ বিচাৰিছে নেপালী কংগ্রেছে৷ লক্ষণীয়ভাৱে পূর্বৰে পৰা চীনে নেপালৰ ভূখণ্ড অবৈধভাৱে দখল কৰি থকা সত্ত্বেও চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ গতিকে বিষয়টোক লৈ দেশখনৰ অভ্যন্তৰত সৃষ্টি হৈছে মতানৈক্য৷ শেহতীয়াকৈ ভাৰতৰে পূব লাডাখ সীমান্তত চীনৰ উত্তেজনা অব্যাহত থকাৰ সময়তে দেশখনৰ প্রধান বিৰোধী দলটোৱে সংসদৰ মজিয়াত প্রতিবাদ সাব্যস্ত কৰা ঘটনাই ৰাজনৈতিক অস্থিৰতা সৃষ্টিৰ আশংকা কঢ়িয়াইছে৷

লক্ষণীয়ভাৱে সীমান্তত চীনৰ সমান্তৰালকৈ নেপালেও ভাৰতৰ ভূখণ্ড দেশখনৰ মানচিত্রত সামৰি লোৱা ঘটনাক লৈ শেহতীয়াকৈ হিমালয়ান ৰাষ্ট্রখনৰ বিৰুদ্ধে ভাৰতজুৰি প্রতিক্রিয়া অব্যাহত আছে৷ কিন্তু এতিয়া নেপালৰ অভ্যন্তৰতে বিৰোধী ৰাজনৈতিক দলটোৱে চীনৰ অবৈধ ভূমি দখলৰ ঘটনা ফাদিল কৰি দিয়াৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷

You might also like