নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রৰ উপ–মুখ্যমন্ত্রী একনাথ শিন্দেক প্রাণনাশৰ ভাবুকি

🔹 গাড়ী বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ ভাবুকিভৰা বাৰ্তা

নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : মহাৰাষ্ট্রৰ উপ–মুখ্যমন্ত্রী একনাথ শিন্দেক প্রাণনাশৰ ভাবুকি৷ কালি পুৱাৰ ভাগতে মুম্বাইৰ কেইবাখনো থানালৈ ফোন আৰু ই–মেইলত এই ভাবুকি আহে৷ দুর্বৃত্তই ভাবুকি প্রদান কৰে যে উপ–মুখ্যমন্ত্রী শিন্দেৰ গাড়ী বিস্ফোৰণেৰে উৰুৱাই দিয়া হ’ব৷ ভাবুকিভৰা ফোন পোৱাৰ পিছতে মহাৰাষ্ট্রৰ উপ–মুখ্যমন্ত্রীগৰাকীৰ বাসগৃহ আৰু কার্যালয়ত নিৰাপত্তা বৃদ্ধি কৰা হৈছে৷ এই ঘটনা সন্দর্ভত আৰম্ভ হৈছে তদন্ত৷ মুম্বাইৰ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, কালি পুৱা গোৰেগাঁও, জেজে মার্গ থানা আৰু ৰাজ্য চৰকাৰৰ সদৰ দপ্তৰৰ কন্ট্ৰ’ল ৰুমলৈ ফোন আহে৷ ইয়াৰ উপৰি ই–মেইলতো ভাবুকি দিয়া হয়৷ ইতিমধ্যে শিন্দেৰ নিৰাপত্তাৰ বাবে বাসভৱন আৰু কার্যালয়ত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি এই ভাবুকি ভুৱা৷ কিন্তু ইয়াৰ পিছতো নিৰাপত্তাৰ ক্ষেত্রত কোনোধৰণৰ আপোচ কৰা নাই আৰক্ষীয়ে৷

You might also like