নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদ জিলাৰ এখন বিশেষ বিদ্যালয় । জিলাখনৰ দূৰদৰাজ নামৰ গাঁওখনৰ চৰকাৰী বিদ্যালয়ত ৰোবোটিক্স আৰু প্রযুক্তিৰ জ্ঞান অৰ্জনৰ বাবে শিক্ষাৰ্থীসকলে জাপানী (Japanese Language) ভাষা শিকিছে । ঔৰংগাবাদৰ পৰা ২৫ কিলোমিটাৰ দূৰত অৱস্থিত গাঁওখনত যদিও যাতায়ত ব্যৱস্থা সুচল নহ’য়, তথাপি ইণ্টাৰনেট সেৱা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আশীৰ্বাদ হৈ উঠিছে ।
চৰকাৰী বিদ্যালয়খনে বিগত ছেপ্তেম্বৰৰ পৰা এক বিদেশী ভাষা কাৰ্যসূচী আৰম্ভ কৰিছিল । এই কাৰ্যক্ৰমৰ অধীনত চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীসকলক এটা বিদেশী ভাষা বাচনি কৰিবলৈ কোৱা হয় ।
ইপিনে বিদ্যালয়খনৰ শিক্ষক দাদাচাহেব নৱপুৰে কয়- জাপানী ভাষা শিকিবলৈ কোনো উচিত পাঠ্যক্ৰম অবিহনেই বিদ্যালয় কৰ্তৃপক্ষই ইণ্টাৰনেটত ভিডিঅ’ আৰু অনুবাদেৰে ইয়াৰ ওপৰত শিক্ষাৰ ব্যৱস্থা কৰিছে । বৰ্তমান ঔৰংগাবাদৰ ভাষা বিশেষজ্ঞ সুনীল জোগদেৱে শিক্ষাৰ্থীসকলক জাপানী ভাষাৰ শিক্ষা প্ৰদান কৰি আছে ।
ঔৰংগাবাদ জিলা পৰিষদৰ শিক্ষা বিষয়া ৰমেশ ঠাকুৰে জনোৱা মতে বিদ্যালয়খনৰ ৩৫০ শিক্ষাৰ্থীৰ ভিতৰত ৭০ জনে জাপানী ভাষা শিকি আছে । তেওঁ লগতে কয় যে এই এই কাৰ্যসূচীৰ মূল উদেশ্য হৈছে শিক্ষাৰ্থীসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থাৰ সৈতে পৰিচয় কৰোৱা ।