নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্তন কেন্সাৰৰ সৈতে যুঁজি আছে মহিমা চৌধুৰীয়ে

বিশেষ বাৰ্তা, ৯ জুনঃ ১৯৯৭ চনত শ্বাহৰুখ খানৰ সৈতে ছুপাৰহিট ছবি ‘পাৰদেশ’ত অভিনয় কৰা অভিনেত্ৰী মহিমা চৌধুৰী স্তন কেন্সাৰত আক্ৰান্ত হৈছে। বৃহস্পতিবাৰে ইনষ্টাগ্ৰাম পোষ্টত তেওঁৰ সৈতে এটা প্ৰজেক্টত কাম কৰি থকা প্ৰবীণ অভিনেতা অনুপম খেৰে মহিমাৰ স্বাস্থ্য সম্পৰ্কে এটা আপডেট শ্বেয়াৰ কৰিছে। তেওঁ অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি তাৰ সৈতে কেপচন দিয়ে, য’ত লিখা আছে: “মহিমা চৌধুৰীৰ সাহস আৰু কৰ্কট ৰোগৰ কাহিনী।

 

View this post on Instagram

 

A post shared by Anupam Kher (@anupampkher)

মোৰ ৫২৫ সংখ্যক ছবি দ্য চিগনেচাৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আমেৰিকাৰ পৰা এমাহ আগতে মহিমা চৌধুৰীক ফোন কৰিছিলোঁ। আমাৰ কথা-বতৰাত তেওঁৰ স্তন কেন্সাৰৰ কথাটোৱেহে গুৰুত্ব পালে। অভিনেত্ৰীগৰাকীৰ মনোভাৱে সমগ্ৰ বিশ্বৰ মহিলাকে আশাৰ ৰেঙণি দিব পাৰে। তেওঁ বিচাৰিছিল যে ময়েই এই বিষয়টো যাতে প্ৰকাশ কৰোঁ।

You might also like