মেক ইন ইণ্ডিয়া নীতিৰ বাবেই সেনাবাহিনীত অস্ত্রৰ নাটনি
নিয়মীয়া বাৰ্তা, ৯ছেপ্টেম্বৰ: চুবুৰীয়া ৰাষ্ট্র চীনে ভাৰতৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্রতি ভাবুকি কঢ়িয়াই অনাৰ সমান্তৰালকৈ চিৰবৈৰী পাকিস্তানে সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদেৰে দেশখনক অস্থিৰ কৰি ৰখাৰ সময়তে ভাৰতীয় সেনাৰ হাতত অস্ত্রৰ নাটনি হোৱাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রতিৰক্ষা খণ্ডত থলুৱা নির্মাণ উজ্জীৱিত কৰাৰ মেক ইন ইণ্ডিয়া নীতিৰ বাবেই সেনাৰ অস্ত্রৰ নাটনি হোৱা বুলি শীর্ষ বিষয়াই প্রকাশ কৰিছে৷ ভাৰতীয় সেনাৰ স্থল, বায়ু আৰু নৌসেনাৰ হাতত থকা অস্ত্রসমূহৰ ম্যাদ উকলি গৈ থকাৰ সময়তো মেক ইন ইণ্ডিয়া নীতিৰ বাবে অস্ত্রসমূহ আমদানি কৰিবলৈ সক্ষম হোৱা নাই৷ এনে কাৰণতে সেনাৰ এই পুৰণি অস্ত্রৰ ঠাইত নতুন অস্ত্রৰ অভাৱ ঘটিছে৷ শীর্ষ বিষয়াৰ তথ্যত প্রকাশ পোৱা মতে তিনিও সেনাৰ অতি গুৰুত্বপূর্ণ ম্যাদ উকলিব ধৰা অস্ত্রৰ উপৰি ২০২৬ৰ ভিতৰত ভাৰতৰ সেনাৰ হাতত থকা হেলিকপ্ঢাৰৰ নাটনি হ’ব৷ এই নাটনিয়ে দেশৰ সেনাক বিপদত পেলোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ ঠিক তেনেদৰে ২০৩০ চনৰ ভিতৰত কেইবাশ যুদ্ধ বিমানৰো নাটনি হ’ব৷ কিয়নো সম্প্রতি কার্যক্ষম হৈ থকা কেইবাশ যুদ্ধ বিমানৰ ম্যাদ উক্ত চনলৈকে উকলি যাব৷ অর্থাৎ এই যুদ্ধ বিমানৰ স্থানত নতুন যুদ্ধ বিমানৰ আৱশ্যক হৈ পৰিব৷ মেক ইন ইণ্ডিয়াৰ নীতি অনুসৰি দেশৰ প্রতিৰক্ষা খণ্ডত বিশেষকৈ অস্ত্র–শস্ত্রকে ধৰি হেলিকপ্ঢাৰ থলুৱাভাৱে নির্মাণ কৰা হ’ব৷ সেনাৰ হাতত মজুত ৰাখিবলৈ এনে অস্ত্র আৰু হেলিকপ্ঢাৰৰ সংখ্যা দেশত নির্মিত ৩০ শতাংশৰ পৰা ৬০ শতাংশ হ’ব লাগিব৷ বাকীখিনি বিদেশী ৰাষ্ট্রৰ পৰা আমদানি কৰাত গুৰুত্ব দিব৷ সেনাই থলুৱাভাৱে নির্মিত প্রতিৰক্ষা সামগ্রী ক্রয় কৰাত গুৰুত্ব আৰোপ কৰিছে যদিও এতিয়ালৈকে দেশত ডিজেল ইলেক্ট্রিক ছাবমেৰিন আৰু দুই ইঞ্জিনযুক্ত যুদ্ধ বিমান নির্মাণৰ প্রক্রিয়া আৰম্ভ হোৱাই নাই৷ মোদী চৰকাৰে বিদেশী কোম্পানীৰ পৰা এনে যুদ্ধ বিমান ক্রয় কৰাটো বন্ধ ৰখাৰ ফলত সেনাৰ হাতত যুদ্ধ বিমানৰ সংখ্যা হ্রাস পাইছে৷ দেশৰ তিনিও সেনাৰ ভিতৰত বায়ুসেনাৰ অধিক সমস্যাৰ সন্মুখীন হ’ব৷ ২০৩০ চনৰ ভিতৰত বায়ুসেনাৰ হাতত মাত্র ৩০ যুদ্ধ বিমান থাকিব৷ যি সংখ্যা হৈছে প্রয়োজনীয় ৪২তকৈ কম৷ বাংগালুৰুস্থিত চৰকাৰী প্রতিৰক্ষা সামগ্রী প্রস্তুত কৰোঁতা হিন্দুস্তান এৰ’নেটিকছ লিমিটেডে এক বছৰত মাত্র ৮খন থলুৱা তেজছ যুদ্ধ বিমান নির্মাণ কৰিব পাৰে৷ ই হৈছে প্রয়োজনীয়তকৈ আধা৷ অৱশ্যে কোম্পানীটোৱে ২০২৬ চনৰ ভিতৰত উৎপাদন দুগুণ কৰিবলৈ পৰিকল্পনা চলাইছে যদিও ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধই প্রয়োজনীয় সামগ্রী যোগানৰ শৃংখলত ব্যাঘাত জন্মাইছে৷ যুদ্ধ বিমানৰ উপৰি হেলিকপ্ঢাৰো এক সমস্যা হৈ পৰিব সেনাৰ বাবে৷ স্থল, বায়ু আৰু নৌসেনাৰ হাতত থকা প্রায় ৮০ শতাংশ হেলিকপ্ঢাৰে ৩০ বছৰ অতিক্রম কৰিছে৷ অর্থাৎ ইয়াৰ কার্যক্ষমতা হ্রাস পাইছে৷ ২০২৬ চনৰ ভিতৰত স্থলসেনাৰ একক ইঞ্জিনযুক্ত অধিকাংশ হেলিকপ্ঢাৰেই ব্যৱহাৰৰ অনুপযোগী হ’ব৷ ২০৩০ চনৰ ভিতৰত যদি দেশত লঘু হেলিকপ্ঢাৰ নির্মাণ অধিক কৰিব নোৱাৰে, তেতিয়াহ’লে সেনাই বৃহৎ সমস্যাৰ সন্মুখীন হ’ব লাগিব৷ মন কৰিবলগীয়া যে গধুৰ টৰপেডো নির্মাণৰ বাবে ডি আৰ ডি অ’ই পৰিকল্পনা চলাইছে যদিও ই কেতিয়ালৈকে নির্মাণ কৰা হ’ব আৰু কেতিয়া ব্যৱহাৰৰ বাবে সাজু হ’ব, তাৰ নিশ্চিত সময় নির্ধাৰণ কৰা হোৱা নাই৷ এনে পৰিপ্রেক্ষিতত সেনাৰ বাবে প্রয়োজনীয় ছাবমেৰিনৰ নাটনি হোৱাটো প্রায় নিশ্চিত হৈছে৷ নতুন দিল্লীস্থিত স্বতন্ত্র প্রতিৰক্ষা বিশেষজ্ঞ ৰাহুল বেদীয়ে প্রকাশ কৰা মতে বিশ্বমানৰ অস্ত্র ব্যৱস্থা উন্নীত কৰিবলৈ হ’লে কেইবাবিলিয়ন মার্কিন ডলাৰ বিনিয়োগ আৰু কেইবাবছৰ ধৰি গৱেষণা কৰাৰ প্রয়োজন আছে৷ কিন্তু প্রধানমন্ত্রী মোদীৰ নীতিয়ে এইক্ষেত্রত বিশেষ কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই৷ যদি মেক ইন ইণ্ডিয়া নীতি প্রতিৰক্ষা বিভাগত সঠিকভাৱে ৰূপায়ণ কৰিব নোৱাৰে, ই যদি শ্লোগানতে থাকে, তেতিয়াহ’লে দেশৰ প্রতিৰক্ষা খণ্ডক লৈ আশা নিৰাশা হৈ দেশৰ সেনাৰ বাবে বৃহৎ সমস্যাৰ সৃষ্টি কৰিব৷