নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত বিনামূলীয়া ভেকচিনৰ প্রতিশ্রুতি মমতাৰ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ  পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে আজি ঘোষণা কৰিছে যে ৰাজ্যখনৰ জনসাধাৰণক বিনামূলীয়াকৈ চৰকাৰে ক’ভিড–১৯ মহামাৰী প্রতিৰোধী ভেকচিন প্রদান কৰিব৷ আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে মুখ্যমন্ত্রীগৰাকীৰ এই ঘোষণাক বিভিন্ন মহলে ভোটৰ অংক আখ্যা দিছে৷ উল্লেখনীয় যে ৰাজ্যখনৰ বিধানসভা নির্বাচনলৈ মাজত মাত্র কেইটামান মাহ বাকী আছে৷ তৃণমূল কংগ্রেছৰ নেতা–কর্মীসকললৈ লিখা এক পত্রত মুখ্যমন্ত্রী মমতাই উল্লেখ কৰিছে যে ৰাজ্যখনৰ জনসাধাৰণে যাতে বিনামূলীয়াকৈ ক’ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হয় সেয়া চৰকাৰে নিশ্চিত কৰিব৷

ৰাজ্যৰ প্রতিজন লোকেই এই বিনামূলীয়া ভেকচিন লাভ কৰিব বুলি দৃঢ়তাৰে উল্লেখ কৰিছে বেনার্জীয়ে৷ স্মর্তব্য যে বিহাৰ বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানত বিজেপিয়ে জনসাধাৰণক বিনামূলীয়াকৈ ক’ভিড ভেকচিন প্রদান কৰিব বুলি প্রতিশ্রুতি দিছিল৷ বিহাৰত বিধানসভা নির্বাচন অনুষ্ঠিত হৈছিল নৱেম্বৰ মাহত৷ বিজেপিয়ে নির্বাচনী ইস্তাহাৰত এই প্রতিশ্রুতি দিয়া বিষয়টোক লৈ বিভিন্ন দলে প্রতিক্রিয়া প্রকাশ কৰিছিল৷ কালি দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আগন্তুক ১৬ জানুৱাৰীৰ পৰা ভাৰতত ক’ভিডৰ গণ টিকাকৰণ আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব বুলি ঘোষণা কৰাৰ পিছতে বিষয়টোক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷

You might also like