নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ পাটনাত দেওবাৰে এজন ৰে’ল ষ্টেচন মাষ্টাৰে ক’ভিড আক্ৰান্ত তেওঁৰ পত্নীক হত্যা কৰে ৷ পত্নীক হত্যা ৰে’ল কৰ্মচাৰীজনৰ নাম অতুল লাল বুলি চিনাক্ত কৰা হয় ৷
জানিব পৰা মতে, অভিযুক্তজনে পত্নী মহামাৰী ক’ৰোনা ভাইৰাছত আক্ৰান্ত বুলি ধৰা পৰাত বিৰক্ত হৈ পত্নীক হত্যা কৰি নিজে এপাৰ্টমেণ্টৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যা কৰে ৷
আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীয়ে এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল ৷ ইতিমধ্যে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।