নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ONGCৰ ৩ কৰ্মচাৰীৰ অপহৰণ কাণ্ডত জড়িত আৰক্ষী! এজন আৰক্ষী কনিষ্টবলক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ONGCৰ তিনি কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ চাঞ্চল্যকৰ তথ্য। অপহৰণ কাণ্ডত স্বয়ং আৰক্ষী জড়িত থকাৰ অভিযোগ। গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল।

ৰাজ্য কপোৱা অপহৰণ কাণ্ডটোত জড়িত থকাৰ অভিযোগত পলাতক হৈ থকা কনিষ্টবল বসন্ত বুঢ়াগোহাইক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ২৫ APBNৰ জোৱান বসন্ত বুঢ়াগোহাইক শদিয়াৰপৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে  মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক সুস্থ শৰীৰে উদ্ধাৰ কৰা হ’ল যদিও এই পৰ্যন্ত সন্ধান ওলোৱা নাই ONGCৰ তৃতীয়জন অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ। যাৰফলত ৰিতুল শইকীয়াৰ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।

You might also like