নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ পূব এছিয়াৰ দেশ দক্ষিণ কোৰিয়াৰ সৈতে সামৰিক সহযোগিতা উজ্জীৱিত কৰাৰ লক্ষ্যৰে তিনিদিনীয়া ভ্রমণসূচীৰে দেশখনলৈ ৰাওনা হৈছে সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাৱানে৷ ক’ভিড–১৯ৰ কালছোৱাত সেনাৰ মুৰব্বী জেনেৰেল নাৰাৱানেৰ এয়া হৈছে পঞ্চম বিদেশ ভ্রমণ৷
সেনাৰ বিবৃতিত প্রকাশ কৰা মতে দক্ষিণ কোৰিয়া ভ্রমণৰ সময়ত জেনেৰেল নাৰাৱানেই জ্যেষ্ঠ সামৰিক বিষয়াৰ লগতে ৰাজনৈতিক নেতৃত্বৰ সৈতেও বার্তালাপ কৰিব৷ ২৮ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ দেশখনৰ বিভিন্ন বৈঠকত অংশ ল’ব জেনেৰেল নাৰাৱানেই৷ দক্ষিণ কোৰিয়াৰ ছিউলত নাৰাৱানেই যুদ্ধ স্মাৰক আৰু ৰাষ্ট্রীয় সমাধিস্থলত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব৷
উল্লেখ্য যে ইয়াৰ পূর্বে জেনেৰেল নাৰাৱানেই ম্যানমাৰ, নেপাল, সংযুক্ত আৰব আমিৰ শ্বাহী আৰু ছৌদি আৰব ভ্রমণ কৰিছিল৷