🔹 দলীয় কর্মীক ৰাহুল গান্ধীৰ সকীয়নি
🔹 প্রয়োজনত ৩০-৪০জনক বহিষ্কাৰৰ হুংকাৰ
নিউজ ডেস্ক, ৯ মার্চ : দলৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী শশী থাৰুৰৰে কংগ্রেছৰ ‘সংঘাত–বিতর্ক’ প্রকাশ্যে উন্মোচিত হোৱাৰ সময়তে বিৰোধী দলপতি ৰাহুল গান্ধীৰ এক মন্তব্যই কংগ্রেছী ৰাজনীতিত কার্যতঃ ধুমুহাৰ সৃষ্টি কৰিছে৷ গুজৰাট বিধানসভা নির্বাচনলৈ এতিয়াও প্রায় আঢ়ৈ বছৰ আছে যদিও নৰেন্দ্র মোদী–অমিত শ্বাহৰ ৰাজ্যখনত দলৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ উঠি-পৰি লাগিছে ৰাহুল গান্ধী৷ শনিবাৰে আহমেদাবাদত তেওঁ এখন দলীয় সভাত অংশগ্রহণ কৰে৷ এই সভাতেই ভাষণ প্রসংগত তাৎপর্যপূর্ণ মন্তব্য কৰি ৰাহুল গান্ধীয়ে কয়- কংগ্রেছত থাকিলে সকলোৱে একগোট হৈ থাকিব লাগিব৷ কংগ্রেছৰ বহুতেই দলত থাকিয়েই বিজেপিৰ হৈ কাম কৰি আছে৷ যিসকলে বিজেপিৰ হৈ কাম কৰি আছে, তেওঁলোকে সন্মুখলৈ ওলাই অহা উচিত৷ গোপনে নহয়, তেওঁলোকে মুকলিকৈ বিজেপিৰ হৈ কাম কৰক৷ কিন্তু মনত ৰাখিব– বিজেপিত তেওঁলোকৰ ঠাই নহ’ব৷ আমি দলৰ ভিতৰত থকা অনুগত আৰু বিদ্রোহীসকলক চিনাক্ত কৰিব লাগিব৷ সেই কাম কৰিবলৈ গ’লে যদি ৩০–৪০জনক বহিষ্কাৰ কৰিবলগীয়াও হয়, তাৰ বাবেও আমি প্রস্তুত৷ ৰাহুল গান্ধীৰ এনে হুংকাৰক লৈ কংগ্রেছৰ ভিতৰচ’ৰাত ব্যাপক চর্চা হোৱাৰ সমান্তৰালকৈ শাসকীয় বিজেপিয়েও প্রতিক্রিয়া প্রকাশ কৰিছে৷ বিজেপিৰ মুখপাত্র শ্বেহজাদ পুনাওৱালাই কংগ্রেছৰ যুৱৰাজক তীক্ষ্ণ কটাক্ষ কৰি কয় যে এনেধৰণৰ মন্তব্যৰ দ্বাৰা ৰাহুল গান্ধীয়ে নিজক তথা তেওঁৰ দলক সকলোৰে সন্মুখত হাঁহিয়াতৰ পাত্র কৰি তুলিছে৷ উল্লেখ্য যে ১৯৯৫ চনৰে পৰা গুজৰাটত ক্ষমতাত আছে বিজেপি৷ কিন্তু ২০২৭ চনত বিধানসভা নির্বাচনক লক্ষ্য কৰি লৈ কংগ্রেছে ৰাজ্যখনত সাংগঠনিক ভেটি শক্তিশালী কৰি তুলিবলৈ নামি পৰিছে৷ যাৰ অংশস্বৰূপে প্রায় ৬৪ বছৰৰ পিছত ৰাজ্যখনত অনুষ্ঠিত হ’ব সর্বভাৰতীয় কংগ্রেছৰ অধিৱেশন৷ অহা ৮ আৰু ৯ এপ্রিলত অনুষ্ঠিতব্য অধিৱেশনৰ সময়তে আহমেদাবাদৰ চর্দাৰ পেটেল স্মৃতিসৌধত বহিব কংগ্রেছ ৱর্কিং কমিটীৰ বর্ধিত বৈঠক৷