নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমহীয়া যুদ্ধবিৰতিৰ আবেদন মাওবাদীৰ

🔹 ছত্তিশগড় চৰকাৰলৈ দ্বিতীয়খন পত্র বিদ্রোহী সংগঠনৰ

নিউজ ডেস্ক, ২০ এপ্রিল : মাওবাদমুক্ত ভাৰতৰ লক্ষ্যত ছত্তিশগড়জুৰি ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে৷ বিগত কেইমাহমানৰ ভিতৰত শীর্ষস্থানীয় ক’মাণ্ডাৰসহ শতাধিক মাওবাদী বিদ্রোহী নিহত হৈছে৷ ইয়াৰ পিছতে দুর্বল হৈ পৰিছে মাওবাদীৰ সাংগঠনিক ভেটি৷ ইফালে, প্রাণৰক্ষাৰ বাবে আত্মসমর্পণৰ ঘটনাও বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিত ছত্তিশগড় চৰকাৰৰ ওচৰত এমহীয়া যুদ্ধবিৰতিৰ আবেদন জনাই লিখিত বার্তা দিলে মাওবাদীৰ উত্তৰ–পশ্চিম ছাব জ’নেল ব্যুৰ’ৱে৷ শান্তি আলোচনাৰ লক্ষ্যৰে যোৱা ১৭ এপ্রিলত মাওবাদীৰ তৰফৰ পৰা এক লিখিত বিবৃতি প্রকাশ কৰা হৈছে৷ স্মর্তব্য যে যোৱা ৮ এপ্রিলত যুদ্ধবিৰতিৰ আবেদন জনাই এখন পত্র প্রকাশ কৰিছিল চিপিআই(মাওবাদী)–এ৷ সেই পত্রৰ প্রসংগ টানি এইবাৰ উল্লেখ কৰা হৈছে যে অভিযানৰ নামত চলা নির্বিচাৰ হত্যাকাণ্ড শীঘ্রে বন্ধ হোৱা উচিত৷ বৰঞ্চ সমস্যা সমাধানৰ বাবে চৰকাৰে মনোযোগ দিয়া উচিত বুলি শেহতীয়া পত্রত উল্লেখ কৰা হৈছে৷ এই পত্র কোনো ৰণনীতি নহয় বুলি উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে যে যদি উভয়পক্ষই আলোচনাত ৰাজী হয়, তেন্তে যুদ্ধবিৰতি নিতান্তই প্রয়োজনীয়৷ শান্তি আলোচনাৰ অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে এই যুদ্ধবিৰতিৰ প্রয়োজন বুলি মাওবাদীৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷ এই সন্দর্ভত ছত্তিশগড়ৰ মুখ্যমন্ত্রীৰ প্রতিক্রিয়ালৈ অপেক্ষা কৰা হ’ব বুলিও ঘোষণা কৰিছে বিদ্রোহী সংগঠনটোৱে৷

You might also like