নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখৰ পূব প্রান্তৰ পাংগং হ্রদত মোতায়েন মার্ক’ছ কমাণ্ডো

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ দখলদাৰী চীনক এক ইঞ্চিও ভূমি এৰি নিদিয়াৰ হুংকাৰেৰে লাডাখ সীমান্তত যুদ্ধংদেহি মনোভাব লৈ ভাৰতে আন এক পদক্ষেপ ল’লে৷ লাডাখৰ এল এ চি সংলগ্ন পাংগং হ্রদত নতুনকৈ মোতায়েন কৰিলে মার্ক’ছ কমাণ্ডো৷ মেৰাইন কমাণ্ডোৱে (মার্ক’ছ) এতিয়াৰে পৰা পাংগং হ্রদত ভাৰতীয় বায়ুসেনা বাহিনীৰ গৰুড় আৰু স্থলসেনাৰ পেৰা স্পেচিয়েল ফ’চৰ সৈতে মিলিত হৈ সীমান্তৰ নিৰীক্ষণত থাকিব৷

দেশৰ তিনি সেনাবাহিনীক একত্রিত কৰি সীমান্তৰ নিৰীক্ষণৰ দায়িত্ব প্রদান কৰাৰ বাবে লাডাখৰ পূব প্রান্তত মার্ক’ছ কমাণ্ডো মোতায়েন কৰা হৈছে৷ উল্লেখ্য যে লাডাখৰ এল এ চিত যোৱা এপ্রিল–মে’ মাহৰ পৰা বর্তমানলৈকে চীনা সৈন্যৰ সৈতে উত্তেজনা অব্যাহত থকাৰ প্রতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্রহণ কৰা হৈছে বুলি চৰকাৰী সূত্রত প্রকাশ পাইছে৷ নতুনকৈ মোতায়েন কৰা কমাণ্ডোক সেনাই নতুন প্রযুক্তিৰ নাও ব্যৱহাৰৰ বাবে প্রদান কৰিব৷

ইতিমধ্যে হ্রদত নিৰাপত্তাৰ বাবে পূর্বৰ আন্তঃগাঁথনি উন্নীত কৰা হৈছে৷ দীর্ঘদিন ধৰি এই অঞ্চলটোত স্থলসেনাৰ পেৰা স্পেচিয়েল ফ’চ আৰু কেবিনেট ছেক্রেটৰিয়েট স্পেচিয়েল ফ্রণ্টিয়ার্ছ ফ’র্চে দায়িত্ব চম্ভালি আহিছে৷ চীনৰ আগ্রাসনৰ প্রতি লক্ষ্য ৰাখি নতুন দিল্লীয়ে উল্লিখিত সেনাৰ দলক শক্তিশালী কৰাৰ বাবে মার্ক’ছ কমাণ্ডো মোতায়েন কৰে৷ এল এ চিত সংলগ্ন পর্বতৰ শিখৰৰ ষ্ট্রেটেজিক হেইটত বায়ুসেনাৰ গৰুড় স্পেচিয়েল ফ’চ মোতায়েন হৈ আছে৷

উল্লেখ্য যে চুবুৰীয়া ৰাষ্ট্রখনে এল এ চিৰ সিপাৰে বিশেষ সেনা মোতায়েন কৰাৰ পৰিপ্রেক্ষিততেই নতুন দিল্লীয়েও সেনাক শক্তিশালীকৰণৰ প্রক্রিয়া হিচাপে মার্ক’ছ কমাণ্ডো মোতায়েন কৰিলে৷ উনুকিয়াব লাগিব যে ২০১৬ চনৰ পাঠানকোঠত আক্রমণৰ পাছতেই কাশ্মীৰ উপত্যকাত গৰুড় বিশেষ ফ’চ মোতায়েন কৰা হৈছিল৷ সেই সময়ত সেনাৰ মুৰব্বী আছিল জেনেৰেল বিপিন ৰাৱাট৷ বর্তমান দেশৰ চি ডি এছ হিচাপে জেনেৰেল বিপিন ৰাৱাটে কার্যনির্বাহ কৰি আছে৷

You might also like