নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬/১১ মুম্বাই আক্রমণঃ মাষ্টাৰ মাইণ্ডৰ তথ্য দিওঁতাক ৫ নিযুত ডলাৰ পুৰস্কাৰ আমেৰিকাৰ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ ২৬/১১ মুম্বাই সন্ত্রাসবাদী আক্রমণৰ ১২ বছৰ অতিক্রম কৰাৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্র এই আক্রমণৰ মাষ্টাৰ মাইণ্ডৰ তথ্য দিওঁতাক ৫ নিযুত মার্কিন ডলাৰ পুৰস্কাৰ দিয়াৰ ঘোষণা কৰিছে৷

আমেৰিকা যুক্তৰাষ্ট্রই প্রকাশ কৰা এক বিবৃতিত কয় যে পাকিস্তানস্থিত বিদেশী সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবাৰ জ্যেষ্ঠ সদস্য ছাজিদ মিৰ ২০০৮ চনৰ ২৬ নৱেম্বৰৰ ভাৰতৰ মুম্বাইত ভয়াৱহ আক্রমণৰ সৈতে জড়িত৷ ছাজিদ মিৰক গ্রেপ্তাৰ অথবা কাৰাবাসৰ ক্ষেত্রত কোনো দেশে যদি কিবা তথ্য দিব পাৰে, তেতিয়াহ’লে আমেৰিকা যুক্তৰাষ্ট্রই ৫ নিযুত মার্কিন ডলাৰ উপহাৰ হিচাপে প্রদান কৰিব৷ মুম্বাই আক্রমণৰ পৰিকল্পনাৰ প্রস্তুতি আৰু কার্যকৰী কৰাৰ ক্ষেত্রত লস্কৰ–ই–তৈবাৰ ছাজিদ মিৰে নেতৃত্ব প্রদান কৰিছিল৷ সন্ত্রাসবাদী মিৰক আমেৰিকাৰ আদালতে ইতিমধ্যে বিদেশত আক্রমণ কৰাৰ লগতে সন্ত্রাসবাদীক সামগ্রী যোগান ধৰা, সাহায্য প্রদান কৰা, আমেৰিকা যুক্তৰাষ্ট্রৰ নাগৰিকক বিদেশত হত্যা কৰাৰ অপৰাধত অভিযুক্ত কৰা হৈছে৷ ২০১১ চনৰ ২২ এপ্রিলত সন্ত্রাসবাদী মিৰক গ্রেপ্তাৰ কৰাৰ বাবে ৱাৰেণ্ট জাৰি কৰা হৈছিল৷ এফ বিৰ আইৰ ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদীৰ তালিকাত মিৰক অন্তর্ভুক্ত কৰা হৈছে৷

উল্লেখ্য যে ২৬ নৱেম্বৰ, ২০০৮ চনত লস্কৰ–ই–তৈবাই মুম্বাইৰ তাজ হোটেল, অ’বেৰয় হোটেল, লিউপ’ল্ড কাফে, নাৰিমন হাউছ, ছত্রপতি শিৱাজী তার্মিনাছত ভয়াৱহ আক্রমণ চলাইছিল৷ এই আক্রমণত ১৬৬জন লোকৰ প্রাণহানি হৈছিল৷ আমেৰিকা যুক্তৰাষ্ট্রৰো ৬গৰাকী লোকে প্রাণ হেৰুৱাইছিল৷

You might also like