নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্যাতিতাক বিয়া–সদ্যোজাতকক চোৱাচিতাৰ প্রতিশ্রুতি

🔹 চর্ত বান্ধি ধর্ষণৰ অভিযুক্তক জামিন এলাহাবাদ হাইক’ৰ্টৰ

নিউজ ডেস্ক, ১৭ অক্টোবৰ : উত্তৰ প্রদেশত এগৰাকী নাবালিকাক ধর্ষণৰ গোচৰত অভিযুক্তক জামিন দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ জামিনৰ চর্ত হিচাপে ন্যায়ালয়ে জনাইছে যে তিনি মাহৰ ভিতৰত নির্যাতিতাক বিয়া কৰাব লাগিব অভিযুক্তই আৰু সদ্যোজাতৰ দায়িত্বও ল’ব লাগিব৷ সংবাদ সংস্থাৰ এক প্রতিবেদনত এই কথা উল্লেখ কৰা হৈছে৷ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কৃষ্ণন পহলে এই নির্দেশো দিছে যে জামিনত মুক্তিৰ ছমাহৰ ভিতৰত বেংকত দুই লাখ টকা ফিক্সড ডিপ’জিট কৰিব লাগিব অভিযুক্তই৷ নির্যাতিতাৰ পৰিয়ালৰ অভিযোগ আছিল যে তেওঁলোকৰ কন্যা নাবালিকা৷ পকছো আইনৰ ধাৰাত ৰুজু হৈছিল অভিযুক্তৰ বিৰুদ্ধে গোচৰ৷ কিন্তু অভিযুক্তৰ অধিবক্তাই দাবী কৰা অনুসৰি নির্যাতিতা নাবালিকা নহয়৷ হাড়ৰ পৰীক্ষাৰ প্রতিবেদন তুলি ধৰি অধিবক্তাই দাবী কৰে যে নির্যাতিতাৰ বয়স ১৮ বছৰ পাৰ হৈছে৷ ইয়াৰ উপৰি ধর্ষণৰ অভিযোগ অস্বীকাৰ কৰিছিল অধিবক্তাগৰাকীয়ে৷ বৰঞ্চ বিয়াৰ প্রতিশ্রুতি দি সহবাস কৰিছিল বুলি অভিযুক্তৰ অধিবক্তাই আদালতক জনায়৷ অধিবক্তাগৰাকীয়ে এই কথাও আদালতক জনায় যে গোপন জবানবন্দীত বল প্রয়োগ কৰি শাৰীৰিক সম্পর্ক স্থাপনৰ অভিযোগ তোলা হোৱা নাই৷ আদালতত অভিযুক্তক জামিন দিব লাগে বুলি অধিবক্তাগৰাকীয়ে দাবী কৰে৷ অধিবক্তাৰ এই বক্তব্য শুনাৰ পিছত ন্যায়াধীশগৰাকীয়ে জামিন মঞ্জুৰ কৰি তিনিটা চর্ত বান্ধি দিয়ে৷ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই ৰায়ক বিভিন্ন মহলে গুৰুত্বপূর্ণ বুলি চিহ্ণিত কৰিছে৷

You might also like