নিউজ ডেস্ক, ১১ এপ্রিল : নাৰী শৰীৰৰ গুৰুত্বপূর্ণ জৈৱিক প্রক্রিয়া ঋতুচক্র৷ অথচ ঋতুমতী হোৱাৰ ‘অপৰাধ’ত তামিলনাডুৰ অষ্টম শ্রেণীৰ এজনী ছাত্রীক শ্রেণীকক্ষৰ বাহিৰত বহি পৰীক্ষা দিবলৈ বাধ্য কৰোৱা হ’ল! আধুনিক বিজ্ঞানৰ যুগত এই অবিশ্বাস্য ঘটনা ঘটিছে দক্ষিণ ৰাজ্য তামিলনাডুৰ কোয়াম্বাটুৰত৷ বিদ্যালয়ৰ অধ্যক্ষৰ নির্দেশত শ্রেণীকক্ষৰ বাহিৰত বহি বিজ্ঞান বিষয়ৰ পৰীক্ষা দিয়ে এই কিশোৰীজনীয়ে৷ কোয়াম্বাটুৰৰ এখন বেচৰকাৰী বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে৷ শ্রেণীৰ বাহিৰত বহি ছাত্রীজনীয়ে পৰীক্ষা দিয়া ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে ছাত্রীজনীৰ ওচৰলৈ আগবাঢ়ি আহিছে তেওঁৰ মাতৃ৷ মাতৃয়ে প্রশ্ণ কৰিছে- কিয় শ্রেণীকোঠাৰ বাহিৰত বহি আছে তেওঁ৷ ছাত্রীজনীয়ে কয় যে অধ্যক্ষই শ্রেণীকোঠাৰ বাহিৰত বহি পৰীক্ষা দিবলৈ কৈছে৷ এই কথা শুনি হতাশ হৈ পৰে ছাত্রীজনীৰ মাতৃ৷ এই বিষয়টোক লৈ প্রশ্ণ তোলে ছাত্রীজনীৰ মাতৃয়ে৷ লগে লগে বিষয়টোৱে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ স্মর্তব্য যে যোৱা জানুৱাৰী মাহত ঋতুচক্র আৰম্ভ হোৱা বাবেই উত্তৰ প্রদেশত একাদশ শ্রেণীৰ ছাত্রী এজনীক ঘৰলৈ পঠিয়াই দিছিল বিদ্যালয় কর্তৃপক্ষই৷