নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৰি কটা যোৱাৰ ভাও জুৰি ভিক্ষা, অৰ্জন কোটি টকাঃ পাঁচ অট্টালিকাৰ মালিকনী ভিখাৰীয়ে পালে এসেকা…

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ ভিখাৰী বুলিলে আমি সাধাৰণতে সেইসকলকে বুজো, যাৰ হাতত টকা-পইচা নাথাকে আৰু খুজি-মাগি জীৱন নিৰ্বাহ কৰে। আনৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰি জীৱন পাৰ কৰা এনে ভিখাৰীৰ বেংক একাউণ্টত যেতিয়া প্ৰায় ডেৰ কোটি টকা জমা থকা বুলি আপুনি জানিব পাৰে, তেন্তে কেনে ভাব হ’ব আপোনাৰ?

এনে এক ঘটনাই পোহৰলৈ আহিছে ইজিপ্তত। gulfnews.comৰ প্ৰতিবেদন অনুসৰি এগৰাকী ভিখাৰীৰ বেংক একাউণ্টত পোৱা গৈছে ১ কোটি ৪২ লাখ টকা। আনহাতে ভিখাৰীগৰাকীৰ নিজা নামত আছে পাঁচটাকৈ অট্টালিকা। ৫৭ বছৰীয়া নফিচা নামৰ এইগৰাকী মহিলা ভিখাৰীয়ে এখন হুইল চেয়াৰত বহি ইজিপ্তৰ বিভিন্ন চহৰত ঘূৰি-ফুৰি ভিক্ষা খোজে।

এখন ভৰিৰ মহিলাগৰাকীয়ে এইদৰে বহু বছৰজুৰি ভিক্ষা কৰাৰ পিছত এদিনাখন ওলাই পৰে স্বৰূপ। কোনো লোকে এঠেঙীয়া ভিক্ষাৰী মহিলাগৰাকীয়ে খোজ কঢ়া প্ৰত্যক্ষ কৰাৰ পিছত তেওঁক লৈ সন্দেহ হয়। অনুসন্ধানৰ পিছত লোকজনে দেখে যে সম্পূৰ্ণ সুস্থ মহিলাগৰাকীয়ে ভালদৰে খোজ-কাটল কৰে যদিও ভিক্ষা খুজিবলৈ যোৱাৰ সময়ত হুইল চেয়াৰ ব্যৱহাৰ কৰে।

এখন ভৰি এনেকৈ ৰাখে যাতে তেওঁক শাৰীৰিকভাৱে পংগু বুলি ধাৰণা কৰিব পাৰে। ইয়াৰ পিছতে আৰক্ষীৰ জৰিয়তে তেওঁক আটক কৰা হয়। আৰক্ষীৰ তদন্তত ভিখাৰীৰ দুটা বেংক একাউণ্টত ডেৰ কোটি টকাৰ লগতে ওলাই পৰে যে তেওঁ ৫টা ঘৰৰ মালিকনী।

You might also like