নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছন ১১৯খন হাইস্কুলঃ শিক্ষামন্ত্ৰীৰ বিশ্বনাথ আৰু মুখ্যমন্ত্ৰীৰ নাজিৰাত স্কুলৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ ৰাজ্যৰ শিক্ষাখণ্ডত এক বৈপ্লৱিক পদক্ষেপ গ্রহণ কৰিছে বর্তমানৰ ৰাজ্য চৰকাৰখনে৷ বিভিন্ন সময়ত জনসাধাৰণে প্রতিষ্ঠা কৰা শিক্ষানুষ্ঠান চৰকাৰে প্রাদেশিকীকৰণ কৰি আহিছে যদিও চৰকাৰে নিজাববীয়াকৈ শিক্ষানুষ্ঠান স্থাপন কৰা নাছিল৷ কিন্তু বর্তমানৰ চৰকাৰে ঘোষণা কৰা অনুসৰি চাহ বাগিচা অঞ্চলত নিজেই ১১৯খন হাইস্কুল স্থাপনৰ পদক্ষেপ গ্রহণ কৰিছে৷ সেই অনুসৰি আজি শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ জিলাৰ সাকোমথা আৰু প্ৰতাপগড় চাহ বাগিচাত মডেল হাইস্কুলৰ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপনৰ অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চাহ বাগিচাৰ কোনো ছাত্ৰই উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহ’ব। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে জনায় যে নতুন চৰকাৰ অহাৰ পাছতেই প্রথম কাম হিচাপে এই শিক্ষানুষ্ঠানসমূহ আৰম্ভ হ’ব৷ ব’হাগ বিহু বা মে’ মাহত এই শিক্ষানুষ্ঠানসমূহ আৰম্ভ কৰিব পৰা যাব বুলি তেওঁ আশা প্রকাশ কৰে৷ উল্লেখ্য আজি আৰু কাইলৈৰ ভিতৰত ৰাজ্যৰ চাহ বাগিচা অঞ্চলত ১০৪খন হাইস্কুলৰ আধাৰশিলা স্থাপন কৰা হ’ব৷

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও আজি নাজিৰা বিধানসভা সমষ্টিৰ মেকিপুৰ আৰু বামুণপুখুৰী চাহ বাগিচাত নিৰ্মাণ হ’বলগীয়া আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় দুখনৰ নিৰ্মাণকাৰ্যৰ মাংগলিক শুভাৰম্ভ কৰে। আধুনিক সা-সুবিধাসম্পন্ন আৰু ৬টা শ্ৰেণীকোঠা সংযুক্ত এই বিদ্যালয়সমূহৰ নিৰ্মাণে চাহ বাগিচাবোৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ দিশত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

You might also like