মণিপুৰৰ এগৰাকী মহিলাই নিদ্ৰাহৰণ কৰিছে বিজেপিৰ। আনকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সেই মহিলাৰ বিৰুদ্ধে নামিব লগীয়া হৈছে প্ৰচাৰত। কেৱল মঞ্চৰ পৰা ভাষণেৰেও কাম চলা নাই, ঘৰে-ঘৰে গৈ ভোটভিক্ষা কৰিবলগীয়া হৈছে খোদ গৃহমন্ত্ৰীয়ে। তাতোকৈ আচৰিত কথা যে সেই নিৰ্দিষ্ট সমষ্টিটো প্ৰতিনিধিত্ব কৰি আছে মণিপুৰৰ আইন মন্ত্ৰী থোকচোম সত্যব্ৰত সিঙে। তাৰ পাছতো ভোটৰ ৰণত জিকিবলৈ তাত অমিত শ্বাহে অত কছৰৎ কৰিবলগীয়া হৈছে। বিধানসভা নিৰ্বাচনত উত্তাল মণিপুৰৰ পূব ইম্ফলৰ য়াইস্কুল বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিছে বৃন্দা থউনাওজাম নামৰ মহিলাগৰাকী।
বৃন্দা সাধাৰণ মহিলা নহয়, তেওঁৰ নাম নুশুনা মানুহ নাই ৰাজ্যখনত। কাৰণ তেওঁ আছিল মণিপুৰ আৰক্ষীৰ এগৰাকী অতি সাহসী আৰু দক্ষ বিষয়া। ড্ৰাগছ মাফিয়াৰ নিদ্ৰাহৰণ কৰি তুলিছিল নিজৰ কৰ্ম জীৱনত। তেওঁ ২৭ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ বাবে ২০১৮ বৰ্ষত চৰকাৰৰ পৰা গেলেণ্টেৰী বঁটাও লাভ কৰিছিল। কিন্তু পাছত মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙে খোদ ড্ৰাগছ মাফিয়াক ৰক্ষণা-বেক্ষণ দিয়াৰ অভিযোগ তুলিছিল বৃন্দাই। আৰু ২০২০ চনত সাহসিকতাৰ পুৰষ্কাৰ ওভোতাই দিছিল। বৃন্দাৰ শহুৰ মণিপুৰৰ সশস্ত্ৰ বিদ্ৰোহী সংগঠন ইউ এন এল এফৰ অধ্যক্ষ ৰাজকুমাৰ মেঘন। এই সূত্ৰৰ বাবে বৃন্দাক পাছলৈ কৰ্মক্ষেত্ৰত বৈষম্য়তা আৰু সন্দেহৰ দৃষ্টিৰে চোৱা হৈছিল বুলি অভিযোগ কৰি তেওঁ বিগত বৰ্ষত চাকৰিৰ পৰা ইস্তফা দিয়ে।
এইবাৰ তেওঁ নামিছে জেডি(ইউ)ৰ পৰা ৰণাংগনত। মণিপুৰৰ যুৱসকলৰ মাজত খুবেই জনপ্ৰিয় ৪৩ বছৰীয়া বৃন্দা থউনাওজামবৃন্দা থউনাওজাম। বৃন্দাৰ মতে, তেওঁ ড্ৰাগছ আৰু দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষী হৈ থকা সময়ত ষথেষ্ট কৰিব নোৱাৰিলে। এইবাৰ বিধানসভাৰ মজিয়াৰ পৰা সেই সকলোবোৰ কৰিব বিচাৰে। কিন্তু, বৃন্দাই ভোটৰ ৰাজনীতিত নমাৰ পাছতে সকলোৰে মনলৈ আহিছে ইৰম চানু শৰ্মিলাৰ কথা। ২০১৭ চনত ১৬ বছৰীয়া অনশণ ত্যাগ কৰি ইৰমে বিধানসভাৰ ভোট খেলিছিল। কিন্তু তাৰ ফলাফল কি হৈছিল সেয়া সকলোৱে জানে। মাত্ৰ ৯০ টা ভোট পাইছিল লৌহ মানৱীয়ে। এইবাৰ বৃন্দাৰ ক্ষেত্ৰত একেই নহয়তো, সেয়াই এই মুহূৰ্তৰ বৃহৎ প্ৰশ্ন।