জনসংখ্যা নিয়ন্ত্ৰণ আইন দেশৰ বাবে প্ৰথম আৱশ্যকতা- কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং
বাংগালুৰুৰ ঘটনাক লৈ ধৰ্মনিৰপেক্ষতাবাদীৰ মৌনতাক সমালোচনা
নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ আজি কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে ফেচবুক লাইভযোগে জনসংখ্যা নিয়ন্ত্ৰণ আইন সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে। তেওঁ ইয়াৰ বাবে জনজাগৰণ অভিযান চলোৱা জনসংখ্যা সমাধান ফাউণ্ডেচনৰ প্ৰশংসা কৰে। তেওঁ কয় যে সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ জৰিয়তেহে দেশে উন্নতিৰ শিখৰত আৰোহণ কৰিব পাৰে, কিন্তু জনসংখ্যাৰ বৃদ্ধি আৰু ভোটবেংকৰ ৰাজনীতিয়ে সাংস্কৃতিক ৰাষ্ট্ৰবাদত বাধাৰ সৃষ্টি কৰি আহিছে। তেওঁ পূৰ্বোত্তৰ ভাৰতত সনাতনীসকলৰ হ্ৰাস পোৱা জনসংখ্যাক লৈ মত ব্যক্ত কৰে আৰু কয় যে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ পূৰ্বোত্তৰৰ কাৰ্যকৰ্তাসকলে যথেষ্ট ভাল কাম কৰি আছে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই বিষয়ত গুৰুত্বসহকাৰে আলোচনা কৰাৰ বাবে আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীৰ ফেচবুক লাইভৰ জৰিয়তে আয়োজিত অনলাইন বৈঠকত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযুক্ত হোৱা ৫৫ হাজাৰ কাৰ্যকৰ্তাক সম্বোধন কৰি কয় যে দেশত সংস্থাপনহীনতা, দৰিদ্ৰতা, খাদ্যৰ অভাৱ আৰু পোষণহীনতাৰ মুখ্য কাৰণ হৈছে অভাৱনীয়ভাৱে বৃদ্ধি পোৱা জনসংখ্যা। তেওঁ কয় যে দেশৰ এই অসন্তুলিত জনসংখ্যা সমস্যা সমাধানৰ কাৰণে দেশৰ সকলো নাগৰিকৰ জাতি, ধৰ্ম, ক্ষেত্ৰ, ভাষাৰ ঊৰ্ধ্বলৈ গৈ সকলোৰে বাবে সমানভাৱে জনসংখ্যা আইন জাৰি হোৱাটো অতি আৱশ্যক হৈ পৰিছে। তেওঁ পুনৰ কয় যে মহামাৰীৰ সৈতে যুঁজ দিয়া কালত ভাৰতৰ সন্মুখত এই বৃহৎ জনসংখ্যা এক ভীষণ প্ৰত্যাহ্বান ৰূপে পৰিগণিত হৈছে। ভাৰতে বিশ্বৰ ভিতৰতে প্ৰায় ১৮ শতাংশ জনসংখ্যাৰ ভাৰ বহন কৰি আছে। অনলাইন বৈঠকখন সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ সকলো কৰ্মকৰ্তাক উৎসাহিত কৰি কয় যে মহামাৰীৰ সময়ত ১১ জুলাইৰ বিশ্ব জনসংখ্যা দিৱসৰ ক্ষণত সমগ্ৰ দেশৰ প্ৰায় ২০০ জিলা মুখ্য কাৰ্যালয়ৰ পৰা সম্বোধিত জিলা বিষয়াসকলৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে তথা অনেক জিলা মুখ্য কাৰ্যালয়ত নিয়ন্ত্ৰিত ক্ষেত্ৰ ঘোষণা হোৱা কাৰণে প্ৰায় ২০০ জিলাৰ পৰা প্ৰত্যক্ষভাৱে স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে, এয়া প্ৰশংসনীয়। দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, আইন মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাক শতাধিক জিলাৰ পৰা পত্ৰ প্ৰেৰণ কৰাৰ বাবে তেওঁ জম্মু, হিমাচল প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, হাৰিয়ানা, দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, অসম, ত্ৰিপুৰা, গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, তেলেংগানা, কৰ্ণাটক তথা সুদূৰ কেৰালাৰ সকলো সদস্য, কৰ্মকৰ্তাক শুভকামনা জ্ঞাপন কৰে। জনসংখ্যা সমাধান ফাউণ্ডেচনৰ অভিভাৱকৰূপে মাগদৰ্শন কৰা গিৰিৰাজ সিঙে অনলাইন বৈঠকত উপস্থিত থকা কাৰ্যকৰ্তাসকলক উৎসাহিত কৰি কয় যে জনসংখ্যাৰ বিষয়ৰ ওপৰত জনজাগৰণৰ উদ্দেশ্যে অভিযান ২২ ডিচেম্বৰত আৰম্ভ হৈছিল, কিন্তু মহামাৰীৰ বাবে ২০ মাৰ্চত স্তব্ধ হৈ পৰিছিল, ক’ৰোনা সংকটৰ পিছত সমগ্ৰ দেশলৈ দল প্ৰেৰণ কৰা হ’ব আৰু সেই সময়তে দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যৰ শতাধিক জিলাত সভাৰ আয়োজন কৰা হ’ব, য’ত তেওঁ নিজেও উপস্থিত থাকিব। উল্লেখ্য যে জনসংখ্যা আন্দোলনৰ অভিভাৱকস্বৰূপে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংগঠনৰ ৰেলী আৰু সভাসমূহত উপস্থিত থকাৰ উপৰি কেইবাবছৰ ধৰি সংগঠনৰ সদস্যৰ সৈতে গাঁৱে গাঁৱে ভ্ৰমণো কৰিছে। দেশৰ ভিতৰুৱা পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি গিৰিৰাজ সিঙে উল্লেখ কৰে যে বৰ্ণবাদৰ গভীৰ আধাৰ দেশৰ কাৰণে ভয়াবহ। ভাৰতক অখণ্ড ভাৰতৰূপে গঢ়ি তুলিবলৈ আৰু হিন্দু সংস্কৃতিক বিশ্বৰ মাৰ্গৰূপে প্ৰতিষ্ঠা কৰিবলৈ হ’লে বৰ্ণবাদৰ ঊৰ্ধ্বলৈ উঠিব লাগিব। প্ৰতিটো কোণতে শ্ৰীৰামৰ অস্তিত্ব বিচাৰি পোৱা এই সংস্কৃতিয়ে নিজৰ মাজৰ বৈষম্য দূৰ কৰিব লাগিব। বাংগালুৰুত কংগ্ৰেছ দলৰ এজন দলিত বিধায়কৰ ঘৰত এক বিশেষ সম্প্ৰদায়ৰ লোক সংগঠিত হৈ কৰা আক্ৰমণক লৈ তথাকথিত বুদ্ধিজীৱী আৰু ভুৱা ধৰ্ম নিৰপেক্ষতাবাদীসকলে গ্ৰহণ কৰা মৌনতাত আশ্চৰ্য প্ৰকাশ কৰি তেওঁ কয় যে এয়া ভৱিষ্যতৰ বাবে অতি ভয়াৱহ সংকেত। মন্ত্ৰীগৰাকীয়ে লগতে আশা ব্যক্ত কৰে যে এতিয়াৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা জনসংখ্যা নিয়ন্ত্ৰণ আইন অতি শীঘ্ৰে ৰূপায়ণ কৰা হ’ব আৰু দেশৰ সকলো নাগৰিকৰ বাবে সমানে জাৰি কৰা হ’ব।