🔹 দেশত ক’ৰোনা বৃদ্ধিক লৈ উদ্বেগ, নির্দেশনা জাৰি সচিবালয়ৰ
নিউজ ডেস্ক, ১২ জুন : দেশত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পাইছে৷ দেখজুৰি ক’ভিডত আক্রান্তৰ সংখ্যা ৭ হাজাৰ অতিক্রম কৰাৰ পাছতে উদ্বিগ্ণতাও বৃদ্ধি পাইছে৷ ইয়াৰ পৰিপ্রেক্ষিতত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে বৈঠকত অংশগ্রহণৰ পূর্বে মন্ত্রী–বিধায়কে ক’ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে৷ সচিবালয়ে এই নির্দেশনা জাৰি কৰিছে৷
দিল্লীৰ মুখ্যমন্ত্রীসহ ৭০তকৈ অধিক বিজেপিৰ শীর্ষ নেতাই কালি সন্ধিয়া মোদীক সাক্ষাতৰ পূর্বেই এই নির্দেশনা জাৰি কৰা হৈছে৷ ৰাজধানী দিল্লীৰ সকলো সাংসদ আৰু বিধায়কসহ দলৰ শীর্ষ নেতাই প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰাৰ প্রাকক্ষণত ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰা বিষয়টোৱে চর্চা লাভ কৰিছে৷
তথ্য মতে, দিল্লী বিধানসভাত বিজেপিৰ বিশাল জয়ৰ বাবে নৈশভোজকে ধৰি উদযাপন অনুষ্ঠান আয়োজন কৰা হৈছে৷ এই উৎসৱত প্রধানমন্ত্রী মোদী উপস্থিত থকাৰ পৰিপ্রেক্ষিততে মন্ত্রী–বিধায়কৰ ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰিছে৷ সূত্র মতে, প্রধানমন্ত্রীৰ স্বাস্থ্যক লৈ কোনোধৰণৰ ত্রুটি নৰখাৰ বাবেই এই কঠোৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ লক্ষণীয় যে দেশজুৰি ক’ভিডত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱাৰ লগতে মৃতকৰ সংখ্যাও বৃদ্ধি হৈছে৷