নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত সংখ্যালঘু সুৰক্ষিত : গৃহমন্ত্রী অমিত শ্বাহ

🔹 লোকসভাত গৃহীত প্রব্রজন–বিদেশী বিধেয়ক

নিউজ ডেস্ক, ২৮ মার্চ : চলিত বাজেট অধিৱেশনৰ লোকসভাত কালি প্রব্ৰজনকাৰী আৰু বিদেশী বিধেয়ক ২০২৫ গৃহীত হয়৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই বিধেয়ক সন্দর্ভত বিতং ব্যাখ্যা আগবঢ়োৱাৰ পিছত বিধেয়কখন গৃহীত কৰা হয়। গৃহমন্ত্রী শ্বাহে বিধেয়ক বিতর্কত অংশগ্রহণ কৰি তেওঁৰ চৰকাৰে শৰণার্থীৰ সুৰক্ষা সদায়ে নিশ্চিত কৰি আহিছে বুলি উল্লেখ কৰি ভাৰত সংখ্যালঘুৰ বাবে নিৰাপদ স্থান বুলিও কয়৷ ৰাষ্ট্রীয় সুৰক্ষাৰ বাবে দেশক প্রব্রজনকাৰী আৰু বিদেশী আইনৰ সংশোধনৰ প্রয়োজনীয়তা আহি পৰিছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদী নেতৃত্বাধীন চৰকাৰে এই বিধেয়কখন উত্থাপন কৰা বুলিও কয় গৃহমন্ত্রী শ্বাহে৷ ধর্মীয় কাৰণত নির্যাতনৰ বলি হৈ ভাৰতত আশ্রয় লোৱা সম্প্রদায়ক সুৰক্ষা দিয়া দেশৰ ইতিহাসৰ কথা উল্লেখ কৰি গৃহমন্ত্রী শ্বাহে কয়- ভাৰত এখন সু–সাংস্কৃতিক ৰাষ্ট্র, ভূ–ৰাজনৈতিক ৰাষ্ট্র নহয়৷ পার্চীসকল ভাৰতলৈ আহিছিল আৰু দেশত তেওঁলোক আজিও সুৰক্ষিত হৈ আছে৷ বিশ্বৰ সবাতোকৈ ক্ষুদ্রতম সংখ্যালঘু সম্প্রদায় কেৱল ভাৰততে সুৰক্ষিত হৈ আছে৷ ইজৰাইলৰ পৰা ইহুদীসকলে পলায়ন কৰি আহি ইয়াত বসবাস কৰিছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কার্যকালত চুবুৰীয়া ৰাষ্ট্রৰ পৰা ধর্মীয় নির্যাতনৰ বলি হৈ ভাৰতত প্রৱেশ কৰা ৬ সংখ্যালঘু সম্প্রদায়ক ‘কা’ৰ জৰিয়তে ভাৰতত নাগৰিকত্ব প্রদান কৰা হৈছে৷

You might also like