নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখত বায়ুসেনাৰ প্রতিৰক্ষা মিছাইল ছিষ্টেম স্থাপন ভাৰতৰ

গালৱান নদীৰ পাৰত চীনা সৈন্যৰ ১৫টা তম্বু

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ লাডাখত ভাৰত–চীনৰ যুদ্ধংদেহি পৰিৱেশ অব্যাহত আছে৷ গালৱান উপত্যকাত দুয়ো দেশৰ সেনাৰ মাজত সংঘাতৰ ফলত সৃষ্টি হোৱা উত্তেজনা নিয়ন্ত্রণলৈ আনিবলৈ দুয়ো দেশৰ মেজৰ জেনেৰেল পর্যায়ৰ সেনাৰ বৈঠক অনুষ্ঠিত হয় যদিও কার্যতঃ মীমাংসাহীনভাৱে সামৰণি পৰাত লাডাখত চীনে নিজৰ শক্তি বৃদ্ধি কৰিছে৷ ইয়াৰ সমান্তৰালকৈ চীনক প্রত্যাহ্বান জনাই ভাৰতেও শক্তি বৃদ্ধি কৰি আছে৷

এই লক্ষ্যৰে লাডাখৰ পূব প্রান্তত ভাৰতে এয়াৰ ডিফেন্স মিছাইল ছিষ্টেম স্থাপন কৰিছে৷ ড্রেগন বাহিনীয়ে যুঁজাৰু বিমান আৰু হেলিকপ্টাৰেৰে আকাশমার্গত বিচৰণ কৰি থকাৰ সময়তে ভাৰতৰ সশস্ত্র বাহিনীয়েও লাডাখৰ পূব প্রান্তৰ ভূমিৰ পৰা ভূমিলৈ এয়াৰ ডিফেন্স মিছাইল ছিষ্টেম স্থাপন কৰিছে৷ চৰকাৰৰ শীর্ষ সূত্রই প্রকাশ কৰা মতে, লাডাখ ছেক্টৰত চলি থকা পৰিস্থিতিৰ বাবে ভাৰতৰ স্থল বাহিনী আৰু বায়ুসেনা বাহিনী উভয়ে নিজৰ শক্তি বৃদ্ধি কৰি আছে৷

চীনৰ বায়ুসেনা বাহিনীৰ যুঁজাৰু বিমান অথবা পিপলছ লিবাৰেচন আর্মীৰ হেলিকপ্টাৰৰ যিকোনো দুঃসাহসিক কার্য প্রতিহত কৰিবলৈও সম্পূর্ণ সাজু হৈ ভাৰতে এই পদক্ষেপ গ্রহণ কৰিছে৷ এয়াৰ ডিফেন্স ছিষ্টেমৰ ভিতৰত ভাৰতে স্থাপন কৰা আকাশ মিছাইলৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্রখনৰ দ্রুতগতি সম্পন্ন যিকোনো যুঁজাৰু বিমান আৰু ড্র’ন কেইছেকেণ্ডমানৰ ভিতৰতে ভূপতিত কৰিব পাৰে৷ তদুপৰি ভাৰতে লাডাখৰ পূব প্রান্তত ভাৰতীয় বায়ুসেনা বাহিনীৰ অত্যাধুনিক যুঁজাৰু বিমান সাজু কৰি ৰাখিছে৷ উল্লেখ্য যে কেইসপ্তাহমান পূর্বে চীনা সৈন্যই গধুৰ বায়ু বিমান বিশেষকৈ ছুখই–৩০ৰ লেখীয়া যুদ্ধবিমান উল্লিখিত অঞ্চলত মোতায়েন কৰিছিল৷

ইয়াৰ পৰিপ্রেক্ষিততেই নতুন দিল্লীয়েও লাডাখৰ এল এ চিৰ সমীপত সামৰিক শক্তি বৃদ্ধি কৰাটোত গুৰুত্ব আৰোপ কৰিছে৷ তথ্য মতে ভাৰতীয় এল এ চিৰ অতি নিকটলৈ চীনৰ যুদ্ধবিমান–হেলিকপ্টাৰৰ উৰণ চলি আছে৷ গালৱান উপত্যকাৰ ছাব ছেক্টৰ নর্থ (দৌলত বেগ অ’ল্ডি ছেক্টৰ)ৰ সমীপৰ পেট্র’লিং পইণ্ট–১৪, ১৫, ১৭ আৰু ১৭(ক) আৰু পেংয়ং টিছ’ আৰু ফিংগাৰ অঞ্চলৰ সমীপলৈকে চীনৰ যুদ্ধবিমান–হেলিকপ্টাৰৰ উৰণ প্রক্রিয়া অব্যাহত আছে৷ এনেদৰে চীনে ফিংগাৰ–৩ অঞ্চললৈ যুদ্ধবিমান উৰণৰ দিশে আগবাঢ়িছে৷ আনপিনে কৃত্রিম উপগ্রহৰ আলোকচিত্রত গালৱান নদীৰ পাৰত এল এ চিৰ সমীপত চীনা বাহিনীৰ ক’লা তির্পালৰ তম্বু প্রত্যক্ষ কৰা হৈছে৷

এই আলোকচিত্রখনৰ মতে চীনৰ পিপলছ লিবাৰেচন আর্মীৰ অতি কমেও ১৬টা কেম্প আছে৷ এই কেম্পসমূহ এল এ চিৰ পৰা ৯ কিলোমিটাৰ দূৰত্বৰ ভিতৰতে আছে৷ আলোকচিত্রত এই কথাও স্পষ্ট হৈছে যে চীনে উক্ত অঞ্চলৰ পৰা সেনাৰ স্থিতি হ্রাস কৰাৰ বিপৰীতে ক্রমান্বয়ে শক্তি বৃদ্ধি কৰি আছে৷ যিয়ে ভাৰতৰ প্রতি ভাবুকি কঢ়িয়াই আছে৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে যোৱা ২৫ জুনত গালৱান উপত্যকাত চীনা সৈন্যৰ আক্রমণত ভাৰতৰ কর্নেলসহ ২০ জোৱান শ্বহীদ হৈছিল৷

You might also like